গুৱাহাটী,১ মাৰ্চ:উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যে নিয়োজিত বিশেষ আৰক্ষী বিষয়াসকল নিজ প্ৰাপ্যৰ পৰা বঞ্চিত বুলি অভিযোগ উত্থাপন কৰিছে এছ পি অ' কল্যাণ সমিতিয়ে।
প্ৰাপ্য বিচাৰি এছ পি অ'ৰ হাহাকাৰ
স্থায়ী সংস্থাপনৰ লগতে সা-সুবিধাৰ দাবী এছ পি অ' কল্যাণ সমিতিৰ
এছ পি অ'সকলৰ সংবাদমেল
শুকুৰবাৰে এক সংবাদমেলত এছ পি অ'সকলে অভিযোগ কৰে যে উত্তৰ কাছাৰ পাৰ্বত্য জিলাত ২০০৮ চনত উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দি বহু কেইজন জোৱানৰ মৃত্যু হৈছিল । তাৰপাচতো জোৱানসকলে বা তেওঁলোকৰ পৰিয়ালে কোনো ধৰণৰ চৰকাৰী সাহায্য পাবলৈ সক্ষম হোৱা নাই ।
ইপিনে বৰ্তমান ৮৫৫গৰাকী বিশেষ আৰক্ষী বিষয়া নিয়োজিত হৈ আছে যদিও স্থায়ী সংস্থাপন নোহোৱাত মানসিকভাৱে তেওঁলোক ভাগি পৰা বুলি প্ৰকাশ কৰে।