অসম

assam

By

Published : Apr 29, 2022, 5:45 PM IST

ETV Bharat / city

অন্ধকাৰৰ দিশে চাহ বাগানৰ শিক্ষাৰ্থীৰ ভৱিষ্যৎ : ৰাজহুৱা খণ্ডৰ শিক্ষাত ব্যয় হ্ৰাস চৰকাৰৰ

অসম চৰকাৰৰ বাৰ্ষিক বাজেট ব্যয়ৰ পৰিমাণ লক্ষ্যণীয় হাৰত বৃদ্ধি হোৱাৰ পিছতো শিক্ষা আৰু অন্যান্য সামাজিক খণ্ডৰ ব্যয় বৃদ্ধি পোৱা নাই (Spending of budget amount on education sector) ৷ বাংগালুৰুৰ চেন্টাৰ ফৰ বাজেট এণ্ড পলিচী ষ্টাদী ( চিবিপিএছ) নামৰ গৱেষণা সংস্থাটোৱে পোহৰলৈ আনিলে তথ্য ৷

spending-of-budget-amount-on-education-sector-decreased-in-assam
অন্ধকাৰৰ দিশে চাহ বাগানৰ শিক্ষাৰ্থীৰ ভৱিষ্যৎ : ৰাজহুৱা খণ্ডৰ শিক্ষাত ব্যয় হ্ৰাস চৰকাৰৰ

গুৱাহাটী, ২৯ এপ্ৰিল : আপাততঃ অসম চৰকাৰৰ বাৰ্ষিক বাজেট ব্যয়ৰ পৰিমাণ লক্ষ্যনীয় হাৰত বৃদ্ধি হৈছে যদিও তাৰ তুলনাত শিক্ষা আৰু অন্যান্য সামাজিক খণ্ডৰ ব্যয় বৃদ্ধি পোৱা নাই (spending of budget amount on education sector) । তাৰোপৰি চাহ জনগোষ্ঠীয় অঞ্চলসমূহত থকা বিদ্যালয় সমূহৰ অৱস্থাৰো মানগত কোনো পৰিৱৰ্তন হোৱা নাই । এই কথা আকৌ এবাৰ পোহৰলৈ আনিছে বাংগালুৰুৰ চেন্টাৰ ফৰ বাজেট এণ্ড পলিচী ষ্টাদী (চিবিপিএছ) নামৰ গৱেষণা সংস্থাটোৱে ।

বৃহস্পতিবাৰে, গুৱাহাটীৰ নেডফি কনফাৰেন্স হলত আয়োজিত এক সন্মিলনত চিবিপিএছে দাখিল কৰা শেহতীয়া এক অধ্যয়নৰ প্ৰতিবেদনে ৰাজ্যখনৰ শিক্ষাখণ্ডৰ স্থিতি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আনিছে । সংস্থাটোৰ গৱেষক নেহা ঘটকে দাঙি ধৰা তথ্য অনুসৰি ২০১৫-২০১৬ চনৰ বিত্তীয় বৰ্ষটোৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষটোলৈ অসম চৰকাৰে শিক্ষা খণ্ডত গড়ে ১১ শতাংশ কৈ ব্যয় বৃদ্ধি কৰি আহিছে ।

আপাততঃ ই এক ইতিবাচক কথা । কিন্তু ৰাজ্যিক বাজেটৰ মুঠ অনুমোদনৰ তুলনাত শৈক্ষিক খণ্ডত ব্যয় বৃদ্ধি হোৱা নাই । অৰ্থাৎ, ৰাজহুৱা খণ্ডৰ শিক্ষাত (public sector education) চৰকাৰী ব্যয়ৰ ধাৰা নিম্নগামী হৈছে । প্ৰতিবেদনৰ তথ্য অনুসৰি, ২০১৫-১৬ চনৰ বিত্তীয় বৰ্ষটোত ৰাজ্য চৰকাৰে মুঠ বাজেট ব্যয়ৰ পৰা শিক্ষাত খৰছ কৰিছিল ১৯ শতাংশ । কিন্তু ২০১৯-২০ ৰ বাজেটত এই ব্যয় হ্ৰাস পাইছে ১১ শতাংশলৈ ।

উল্লেখযোগ্য যে, অসমৰ ৭২ শতাংশ বিদ্যালয়েই হ’ল চৰকাৰী অথবা প্ৰাদেশিকৃত । তদুপৰি ৭ শতাংশ বিদ্যালয় চৰকাৰী সাহায্যপ্ৰাপ্ত । ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা ১২ শতাংশ । ৰাজ্য চৰকাৰে তাৰ বাজেট ব্যয়ৰ ৫০ শতাংশ পুঁজি ব্যয় কৰে ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ নামতে । লক্ষ্যনীয় কথাতো হ’ল, অসমৰ পাঁচখন চহৰ জনগোষ্ঠী বসতি অধ্যুষিত জিলা ক্ৰমে ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাৰ বাগিছা অঞ্চলৰ শিক্ষা আজিও তথৈবচ ।

চাহ জনগোষ্ঠীয় লোকসকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে বহুতো কাম কৰা গৈছে বুলি দাবী কৰিলেও চিবি‌পিএছৰ অধ্যয়নৰ তথ্যই আন এক ছবিহে দাঙি ধৰিছে । এই অধ্যয়নে সামৰি লোৱা চাহ বাগিছা এলেকাৰ ২৭ খন বিদ্যালয়ৰ ৪০ শতাংশ বিদ্যালয় হ'ল চাহ বাগিছা প্ৰশাসনৰ দ্বাৰা পৰিচালিত বিদ্যালয় । ইয়াৰে প্ৰায় সমান সংখ্যক বিদ্যালয় (৪১%) বিদ্যালয় চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু মাত্ৰ ১৯ শতাংশ বিদ্যালয়হে চৰকাৰীভাৱে প্ৰাদেশিকৃত ।

এনে পৰিস্থিতিৰ বাবে মানসম্পন্ন শিক্ষা আহৰণৰ ক্ষেত্ৰত চাহ বাগিছাৰ শিক্ষা গ্ৰহণ ব্যৱস্থা ক্ষতিগ্ৰস্ত হৈছে । প্ৰতিবেদন মতে, শেহতীয়া সময়ছোৱাত চাহবাগিচাৰ বিদ্যালয়ত বিদ্যালয় গৃহ, শৌচাগাৰ আদিতকৈ আন আন্তঃগাঁঠনিৰ কাম হৈছে যদিও বহু সময়ত সেইবোৰ ব্যাৱহাৰোপযোগী হৈ উঠা নাই (Poor condition of toilets in schools) । ছাত্ৰীৰ শৌচাগাৰৰ ক্ষেত্ৰত এই কথা অতি সুলভ । প্ৰায় ৩৬ শতাংশ শৌচাগাৰেই ব্যাৱহাৰোপযোগী নহয় ।

উল্লেখযোগ্য যে, চাহ বাগিছাৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ আন্তঃগাঁঠনি আৰু শিক্ষাৰ মান সন্দৰ্ভত কিছু গৱেষণা প্ৰকাশিত হৈ আহিছে । ২০১৯ চনত টাটা ইনষ্টিটিউত অৱ ছচিয়েল চায়েন্স গুৱাহাটীয়ে প্ৰকাশ কৰা এক গৱেষণা অনুসৰি, অসমৰ চাহ বাগিছাৰ বিদ্যালয়ৰ শিক্ষাৰ্থী-শিক্ষকৰ অনুপাত হ'ল ১:৭৫, যি অতি ভয়াৱহ (Poor scenario of education sector in Assam)। কিন্তু ইমানৰ পিচতো চাহ জনজাতীয় সম্প্ৰদায়ৰ এক বৃহৎ সংখ্যক শিক্ষাৰ্থীৰ ভৱিষ্যৎ ‌‌সন্দৰ্ভত চৰকাৰে এৰাধৰা মনোভাৱ পোষণ কৰি আহিছে আৰু এই পৰিস্থিতিয়ে ভয়াৱহ সময়ৰ আগজাননী দিছে বুলি বৌদ্ধিক মহলত চৰ্চিত হৈছে ।
লগতে পঢ়ক :বৰপেটা কেঞ্চাৰ হাস্পতালত কৰ্কট ৰোগীৰ চিকিৎসা আৰম্ভ

For All Latest Updates

ABOUT THE AUTHOR

...view details