অসম

assam

ETV Bharat / city

Special Summary Revision 2022: কেনেদৰে কৰিব নাম অন্তৰ্ভূক্ত ! - কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন প্ৰেক্ষাগৃহ

গুৱাহাটী মহানগৰ জিলাৰ ভোটাৰক সচেতন কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ ৷ ভোটাৰক সজাগ কৰাৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত ১৪ আৰু ১৫ নৱেম্বৰত মহানগৰীৰ চেন্ট্ৰেল মল, চিটি চেণ্টাৰ মল, গুৱাহাটী চেন্ট্ৰেল মলৰ লগতে জনসমাগম হোৱা স্থানত প্ৰদৰ্শন কৰা হ’ব সজাগতামূলক বাটৰ নাট ।

Special Summary Revision of Electoral Roll 2022
ভোটাৰ তালিকা সংক্ষিপ্ত সংশোধনী ২০২২ক কেনেদৰে কৰিব নাম অন্তভূক্ত !

By

Published : Nov 13, 2021, 7:41 PM IST

গুৱাহাটী, ১৩ নৱেম্বৰ :গুৱাহাটী মহানগৰ জিলাৰ ভোটাৰক সচেতন কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন প্ৰেক্ষাগৃহত শনিবাৰে আয়োজন কৰা হয় এখন বিশেষ বৈঠক । এ ই আৰ অ’(AERO) আৰু বি এল অ’(BLO) চুপাৰ ভাইজৰসকলৰ সৈতে জিলা প্ৰশাসনৰ মাজত অনুষ্ঠিত হয় এই বৈঠক । বৈঠকৰ পিছত ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে প্ৰদৰ্শন কৰা হয় এখন বাটৰ নাট ।

বৈঠকত অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়ে, কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে কটন বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে । মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা কাৰ্যকৰী কৰি থকা বিশেষ খচৰা তালিকা সংশোধনৰ ব্যৱস্থা আৰু ত্বৰাম্বিত কৰাৰ বাবে গ্ৰহণ কৰা হয় এই বিশেষ কাৰ্যসূচী । ভোটাৰক সজাগতাৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত ১৪ আৰু ১৫ নৱেম্বৰত মহানগৰীৰ চেন্ট্ৰেল মল, চিটি চেণ্টাৰ মল, গুৱাহাটী চেন্ট্ৰেল মলৰ লগতে জনসমাগম হোৱা স্থানত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰা হ’ব ।

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়ে

উল্লেখ্য যে, ভোটাৰ তালিকা সংক্ষিপ্ত সংশোধনী ২০২২ৰ বাবে নতুন ভোটাৰসকলে ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন কৰিব পাৰিব ৷ তদুপৰি এই সময়ছোৱাত ভোটাৰসকলে বিভিন্ন ওজৰ আপত্তি আবেদন কৰিব পাৰিব । ভোটাৰসকলক সজাগ কৰাৰ বাবে ১৩, ১৪, ২১ আৰু ২৭ নৱেম্বৰত বিশেষ অভিযান চলাব কামৰূপ মহানগৰ জিলা প্ৰশাসনে । তাৰ বাবেই প্ৰশাসনৰ উদ্যোগত আজিৰ বৈঠকখন অনুষ্ঠিত কৰা হৈছে ।

ভোটাৰ তালিকাত নতুন নাম অন্তৰ্ভুক্তি, নাম কৰ্তন, নাম সংশোধন আৰু সমষ্টিৰ ভিতৰত সালসলনিৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব । ৬ নং পত্ৰত নতুন নাম অন্তৰ্ভূক্তি নাইবা এটা বিধানসভা সমষ্টিৰ পৰা আন এটা বিধানসভা সমষ্টিলৈ স্থানান্তৰৰ কাৰণে, প্ৰ-পত্ৰ নং (ক) ত প্ৰবাসী ভাৰতীয়ৰ নাম অন্তৰ্ভুক্তিৰ কাৰণে আৰু প্ৰ-পত্ৰ নং ৭ ত ভোটাৰ তালিকাত থকা নাম কৰ্তন, প্ৰ-পত্ৰ নং ৮ ত নিৰ্বাচক নামাৱলীত প্ৰবৃষ্টিত বিৱৰণৰ সংশোধনীৰ বাবে, প্ৰ-পত্ৰ নং ৮ ক নিৰ্বাচক নামাৱলীত থকা নাম সমষ্টিৰ ভিতৰত সালসলনিৰ বাবে নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত সংগ্ৰহ কৰিব আৰু জমা কৰিব পাৰিব । ভোটাৰ তালিকাত নতুন নাম অন্তৰ্ভুক্তি, নাম কৰ্তন, নাম সংশোধন আৰু সমষ্টিৰ ভিতৰত সালসলনিৰ কাম www.nvsp.in ত অনলাইনযোগে আবেদন কৰিব পাৰিব ।

লগতে পঢ়ক :মণিপুৰত উগ্ৰপন্থীৰ ambush ত Assam Rifles ৰ বিষয়া সহ পৰিয়ালৰ লোক নিহত

ABOUT THE AUTHOR

...view details