অসম

assam

By

Published : Apr 23, 2020, 8:55 PM IST

Updated : Apr 23, 2020, 9:03 PM IST

ETV Bharat / city

লক ডাউনে কেনেদৰে বিধ্বস্ত কৰিলে অসমৰ ব্যৱসায়িক খণ্ড: ই টিভি ভাৰত বিশেষ

লক ডাউনে বজাৰ অৰ্থনীতিৰ কঁকাল এনেদৰে ভাঙি পেলালে যে তাক পুনৰাই পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিবলৈ প্ৰয়োজন হ'ব এক দীঘলীয়া সময়ৰ । অসমৰ ব্যৱসায়িক ক্ষেত্ৰখনৰো প্ৰায় প্ৰতিটো খণ্ডতে নেতিবাচক প্ৰভাৱ পেলালে এই লক ডাউনে । থানবান হৈ গ'ল ৰাজ্যখনৰ লাভজনক বুলি চিহ্নিত হোৱা প্ৰতিটো ব্যৱসায়িক খণ্ড ।

Special story business crisis for lockdown
লক ডাউনে কেনেদৰে বিধ্বস্ত কৰিলে অসমৰ ব্যৱসায়িক খণ্ড: ই টিভি ভাৰত বিশেষ

গুৱাহাটী, ২৩ এপ্ৰিল:প্ৰথমে একৈশ দিন,তাৰ পিছত চৈধ্য দিন । দেশজুৰি চলা এই দীঘলীয়া লক ডাউনে ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকাঠামো কিদৰে থানবান কৰি পেলালে তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । এই লক ডাউনে বজাৰ অৰ্থনীতিৰ কঁকাল এনেদৰে ভাঙি পেলালে যে তাক পুনৰাই পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিবলৈ প্ৰয়োজন হ'ব এক দীঘলীয়া সময়ৰ । অসমৰ ব্যৱসায়িক ক্ষেত্ৰখনৰো প্ৰায় প্ৰতিটো খণ্ডতে নেতিবাচক প্ৰভাৱ পেলালে এই লক ডাউনে । থানবান হৈ গ'ল ৰাজ্যখনৰ লাভজনক বুলি চিহ্নিত হোৱা প্ৰতিটো ব্যৱসায়িক খণ্ড । ৰাজ্যৰ এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ ডঃ দেৱজিৎ মহন্তৰ মতে এই দীঘলীয়া লক ডাউনে অসমৰ কৃষি আৰু পৰ্যটন খণ্ডৰ সৰ্বাধিক ক্ষতি সাধন কৰিলে। পৰ্যটনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে হোটেল ব্যৱসায় খণ্ডটো । লক ডাউনৰ ফলত অসমৰ হোটেল ব্যৱসায় খণ্ডটোত প্ৰায় দুশ কোটিৰো অধিক টকা লোকচান হোৱাৰ পূৰ্ণ আশংকা আছে । ইপিনে অসমৰ কৃষি খণ্ড বুলি কলেই প্ৰথমেই আহে চাহ উদ্যোগৰ কথা । ডঃ মহন্তই মন্তব্য কৰে যে অসমৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৰাজ্যখনৰ প্ৰায় ডেৰ লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কে । অসমৰ চাহ নগৰীৰূপে খ্যাত তিনিচুকীয়া জিলাৰ ডুমডুমাৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক প্ৰাণকৃষ্ণ দাসৰ মতে এই দীঘলীয়া লক ডাউনে ক্ষুদ্ৰ চাহ খেতিৰ খণ্ডটোত প্ৰায় দুশ কোটি টকাৰ লোকচান সাধন কৰিলে,যি লোকচানৰ জোৰা মৰাটো মুখৰ কথা নহ'ব। ইয়াৰ উপৰিও মন্তব্য কৰি কয় যে, বহুসংখ্যক কৃষকেই বিভিন্ন উৎসৰ পৰা ঋণ লৈ ক্ষুদ্ৰ চাহ খেতিৰ আৰম্ভ কৰিছিল । তেওঁলোকৰ অৱস্থাও এতিয়া সংকটজনক হৈ পৰিছে । তেওঁ ইয়াৰ এটা সৰু উদাহৰণ দাঙি ধৰি কয় যে সাধাৰণতে ডিচেম্বৰ মাহত চাহ গছত কলম দিয়া হয় আৰু মাৰ্চ মাহৰ পৰা পাত চিঙা কাম আৰম্ভ কৰা হয়। কিন্তু এইবাৰ ডিচেম্বৰত কলম দিয়াৰ পিছতো আজিৰ তাৰিখলৈকে কোনো চাহ খেতিয়কে পাত চিঙিব পৰা নাই । ফলত দীঘল আৰু পুৰঠ হৈ অহা পাত আতৰাবলৈ পুনৰ এতিয়া কলম দিবলগীয়া হৈছে। যিয়ে অপ্ৰয়োজনীয় ভাৱে খৰছৰ মাত্ৰা বৃদ্ধি কৰিছে ।

আনহাতে,ডঃ দেৱজিৎ মহন্তৰ আন এটা আশংকা সত্য প্ৰমাণিত হৈছে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনত । অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সঞ্চালক দেৱ কুমাৰ মিশ্ৰই প্ৰকাশ কৰা মতে লক ডাউনৰ বাবে ইতিমধ্যে দেশী-বিদেশী পৰ্যটকে স্বাভাৱিক ভাৱেই তেওঁলোকৰ অসম ভ্ৰমণৰ পৰিকল্পনা বাতিল কৰিছে । প্ৰায় তিনি হাজাৰ ট্যুৰ অপাৰেটৰে অসমক লৈ তেওঁলোকে ইতিমধ্যে কৰা পৰিকল্পনা বাতিল কৰিবলৈ বাধ্য হৈছে । মাৰ্চ মাহত গুজৰাট,মহাৰাষ্ট্ৰ আৰু হায়দৰাবাদৰ পৰা বৃহৎ পৰ্যটকৰ দল অসমলৈ অহাটো পূৰ্ব নিৰ্ধাৰিত হৈ আছিল যদিও লক ডাউনৰ বাবে সেয়া বাতিল কৰা হয় । যাৰ ফলশ্ৰুতিত অসমৰ পৰ্যটন বিভাগ প্ৰায় দুশৰ পৰা তিনিশ কোটিৰ লোকচানৰ মুখামুখি হ'বলগীয়া হ'ল বুলি তেওঁ মন্তব্য কৰে । এটা সৰু উদাহৰণ দাঙি ধৰি তেওঁ কয় যে লক ডাউনৰ বাবে কাজিৰঙাৰ প্ৰাইভেট এলিফেন্ট চাফাৰি উদ্যোগটো প্ৰায় ৭০ লাখ টকাৰ লোকচানৰ সন্মুখীন হৈছে । বিগত বছৰটোত এই উদ্যোগটোৱে ১ কোটি ৫ লাখ টকা অৰ্জন কৰিবলৈ সক্ষম হৈছিল যদিও এইবাৰ ১৩ মাৰ্চলৈকে মাত্ৰ ৩২ লাখ টকাহে এই উদ্যোগটোৱে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । আনহাতে,লক ডাউনে প্ৰতিটো খণ্ডকে জোকাৰি গৈছে যদিও অসমৰ কেইটামান বিশেষ খণ্ড মূলতঃ বস্ত্ৰ উদ্যোগ,মনোৰঞ্জন উদ্যোগ (চিনেমা হল,থিয়েটাৰ আদি),শ্বপিং মলসমূহ আৰু তথ্য প্ৰযুক্তি খণ্ডটো লক ডাউনৰ বাবে প্ৰায় আঠশৰ পৰা এহেজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি মন্তব্য কৰিছে আছাম চেম্বাৰ্ছ অৱ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে । অৱশ্যে সম্পূৰ্ণ লোকচানৰ পৰিমাণ জানিবলৈ সময়ৰ প্ৰয়োজন হ'ব বুলিও তেওঁ মন্তব্য কৰে ।

একেদৰে,এই লক ডাউনে মাধমাৰ সোধাইছে ৰাজ্যখনৰ ৰেষ্টুৰেন্ট উদ্যোগতো । ৰাজ্যৰ এগৰাকী আগশাৰীৰ ব্যৱসায়ী তথা "জেবি'জ"ৰ স্বত্বাধিকাৰী গোপাল জালানে কয় যে কেৱল গুৱাহাটী মহানগৰীতে প্ৰায় ৫০ কোটি টকাৰ লোকচানৰ মুখামুখি হ'বলগীয়া হৈছে এই ৰেষ্টুৰেন্ট উদ্যোগটোৱে । তাতোকৈ ডাঙৰ কথা এই ব্যৱসায়টোৰ সৈতে আন কেইবাটাও খণ্ড জড়িত হৈ থাকে । তাৰ ভিতৰত অন্যতম হৈছে পাচলি আৰু মাছ-মাংসৰ ব্যৱসায়ী সকল। তেওঁলোকৰ ক্ষতিৰ হিচাপ ধৰিলে এই লোকচানৰ পৰিমাণ আৰু অধিক হ'ব বুলিও তেওঁ মন্তব্য কৰে । অনস্বীকাৰ্য যে লক ডাউনে আকাশলংঘী লোকচানৰ সৃষ্টি কৰা আন এটা খণ্ড হ'ল অট'মোবাইল ব্যৱসায় । দুচকীয়াই হওক বা চাৰিচকীয়াই হওক যান বাহন বিক্ৰীৰ হাৰ লক ডাউনৰ ফলত হুৰহুৰকৈ নিম্নগামী হৈছে । গুৱাহাটীৰ পোড্ডাৰ কাৰ ৱৰ্ল্ডৰ মাৰুতি নেক্সাৰ চেলছ হেড সুৰজিৎ সোমৰ মতে এই লক ডাউনে কেইবা হাজাৰ কোটিৰ লোকচান সাধন কৰিছে যান-বাহনৰ ব্যৱসায়টোত । প্ৰকৃত হিচাপ পোৱাটো যদিওবা এতিয়া সম্ভৱ নহয় কিন্তু এই বৃহৎ লোকচান পূৰণ কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব বুলিও তেওঁ মন্তব্য কৰে । মুঠতে লক ডাউনে অসমৰ ব্যৱসায়ৰ ক্ষেত্ৰখনত আনি দিয়া এনে অসন্তুলিত অৱস্থাৰ পৰা উদ্ধাৰ পাবলৈ যে এক দীঘলীয়া সময় আৰু পৰিকল্পনাৰ প্ৰয়োজন যে হ'ব সেয়া নিশ্চিত ।

লক ডাউনে কেনেদৰে বিধ্বস্ত কৰিলে অসমৰ ব্যৱসায়িক খণ্ড
লগতে চাওকঃ খোজকাঢ়িয়েই ঘৰলৈ বাট ল'লে এগৰাকী যুৱকে
Last Updated : Apr 23, 2020, 9:03 PM IST

ABOUT THE AUTHOR

...view details