গুৱাহাটী, 7 জুলাইঃ অসমীয়া পষেকীয়া আলোচনী প্ৰান্তিকত কবি নীলিম কুমাৰৰ "এখন অসুস্থ চিটিবাছ" নামৰ এটা কবিতা প্ৰকাশ পাইছিল ৷ উক্ত প্ৰকাশিত কবিতাটোত অসমীয়া জাতি গঠনৰ হোতা চাওলুং চুকাফা আৰু গদাধৰ সিংহক ড্ৰাইভাৰৰ লগত তুলনা কৰা কাৰ্যৰ বিৰুদ্ধে ইতিমধ্যে সৰৱ হৈ পৰিছে সদৌ অসম টাই আহোম যুৱ পৰিষদকে ধৰি বিভিন্ন দল সংগঠন ৷ ইতিমধ্যে সংগঠনটোৰ সদস্য সকলে কবি নিলিম কুমাৰ আৰু প্ৰান্তিক আলোচনীৰ কাৰ্যবাহী সম্পাদক ইমৰাণ হুছেইনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল ৷ লগতে উক্ত ঘটনাটোৰ বাবে অসমবাসীৰ ওচৰত নীলিম কুমাৰক ক্ষমা খুজিবলৈ দাবী তুলিছিল টাই আহোম যুৱ পৰিষদৰ সদস্য সকলে ৷
অৱশেষত ক্ষমা খুজিলে কবি নীলিম কুমাৰে - সদৌ অসম টাই আহোম যুৱ পৰিষদ
অনিচ্ছাকৃত ভুলৰ বাবে কবি নীলিম কুমাৰে অসমবাসীৰ ওচৰত ক্ষমা খুজিলে ৷ ভুল নুবুজিবলৈ ৰাইজক আহ্বান নীলিম কুমাৰৰ ৷
নীলিম কুমাৰে অসমবাসীৰ ওচৰত ক্ষমা খুজিলে কিয় !
অৱশেষত অসমবাসীৰ ওচৰত উক্ত কবিতাটোৰ বাবে ক্ষমা খুজিলে কবি নীলিম কুমাৰে ৷ তেওঁ কয় যে, মই দুখিত, কবিতাটোৰ জৰিয়তে কাকো হেয় প্ৰতিপন্ন কৰাৰ মনোবৃত্তি মোৰ নাছিল ৷ হয়টো কবিতাটোত মই মোৰ মনোভাৱ প্ৰকাশ কৰাত ব্যৰ্থ হৈছো ৷ যাৰ বাবে এনে ভুল বুজা-বুজি হ'ল ৷ এই অনিচ্ছাকৃত ভুলৰ বাবে মই গভীৰভাৱে অনুতপ্ত ৷ তাৰ বাবে সকলো জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছো বুলি মন্তব্য কৰে নীলিম কুমাৰে ৷
লগতে পঢ়ক- অখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাটত প্ৰতিবাদ