অসম

assam

ETV Bharat / city

বকোৰ সোণতলীত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী সোনোৱাল

বকোৰ সংখ্যালঘু বসতিপ্ৰধান সোণতলীত সৰ্বানন্দ সোণোৱাল ৷ মথাউৰি নিৰ্মাণ, সোণতলীত আৰক্ষী থানা স্থাপন, খণ্ড উন্নয়ন কাৰ্যালয় স্থাপন আশ্বাস ৷

বকোৰ সোণতলীত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী সোনোৱাল
বকোৰ সোণতলীত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী সোনোৱাল

By

Published : Apr 2, 2021, 2:14 PM IST

বকো, 2 এপ্ৰিল:কামৰূপৰ বকো সমষ্টিৰ সংখ্যালঘু বসতি প্ৰধান সোণতলীত বৃহস্পতিবাৰে এখন বিশাল নিৰ্বাচনী সভাত উপস্থিত হয় ৷ অসম গণ পৰিষদ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

বকোৰ সোণতলীত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী সোনোৱাল

নিজ ভাষণত বিগত 5 বছৰ কাৰ্যকালৰ উন্নয়নৰ খতিয়ান দাঙি ধৰাৰ লগতে কেইটামান স্থানীয় সমস্যা সমাধান কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । বিশেষকৈ সোণতলী এলেকাৰ বানপানী সমস্যা সমাধানৰ বাবে বিজ্ঞান সন্মত মথাউৰি নিৰ্মাণ, সোণতলীত আৰক্ষী থানা স্থাপন, খণ্ড উন্নয়ন কাৰ্যালয় স্থাপনকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বিশাল ভোটৰ ব্যৱধানত মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যেতি প্ৰসাদ দাসক জয়ী কৰাই দিশপুৰলৈ পঠাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ৷ সভাত কৃষিমন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক:কাৰ্বি আংলঙত ৩২গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী ইভিএমত

ABOUT THE AUTHOR

...view details