অসম

assam

বিনামূলীয়াকৈ গাখীৰ বিতৰণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে

By

Published : Aug 18, 2019, 5:14 PM IST

বহিৰাগত দুগ্ধ উৎপাদক সমিতিৰ বিৰুদ্ধে অব্যাহত আছে থলুৱা গো-পালক তথা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰতিবাদ ৷ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে বিগত 16 আগষ্টৰ পৰা ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ পূৰবী ডেইৰীৰ বিৰুদ্ধে অসমৰ স্থানীয় দুগ্ধ উৎপাদক সমিতিখনে এইদৰে অভিনৱ প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

গুৱাহাটীত বিনামূলীয়াকৈ গাখীৰ বিতৰণ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ

গুৱাহাটী, 18 আগষ্টঃ পূৰবী ডেইৰীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে ৷ নগাঁৱৰ কিলিং নদীৰ পিচত দেওবাৰে মহানগৰীটো প্ৰতিবাদ সাব্যস্ত কৰে দুগ্ধ উৎপাদক সমবায় সমিতিখনৰ কৰ্তৃপক্ষই ৷ পূৰবী ডেইৰীৰ বিৰুদ্ধে দুৰ্নীতি আৰু নীতিবৰ্হিভূতভাৱে কাম কৰাৰ প্ৰতিবাদতে এইদৰে অভিনৱ পন্থা হাতত লয় সমবায় সমিতিখনে ৷ দেওবাৰে মহানগৰীস্থিত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত উপস্থিত হৈ বিনামূলীয়াকৈ গাখীৰ বিতৰণ কৰে সমবায় সমিতিখনে ৷

অসম সমবায় আইনৰ বিপৰীতে গৈ কাম কৰি থকা পুৰবী ডেইৰীৰ বিৰুদ্ধে সীতাজখলা দুগ্ধ উৎপাদক সমবায়ে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ নীতি বৰ্হিভূতভাৱে পুৰবী ডেইৰীয়ে গঠন কৰিছে বহু সংখ্যক দুগ্ধ উৎপাদক গোট ৷ ইয়াৰ দ্বাৰাই স্থানীয় গোপালকসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে বহিৰাগত প্ৰতিষ্ঠানটোৱে ৷ যাৰ বাবেই গাখীৰৰ উপযুক্ত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে হাজাৰ হাজাৰ থলুৱা গোপালক ৷

গুৱাহাটীত বিনামূলীয়াকৈ গাখীৰ বিতৰণ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ

দেওবাৰেও প্ৰতিবাদ অব্যাহত ৰাখি মহানগৰীৰ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত চাকি জ্বলায় সীতাজখলাৰ কৰ্তৃপক্ষই ৷ ইয়াৰ উপৰিও প্ৰায় 1600 লিটাৰ গাখীৰ বিনামূলীয়াকৈ বিতৰণ কৰে সমবায় সমিতিখনে ৷ স্থানীয় গোপালকসকলে সন্মুখীন হৈ অহা এই সমস্যাৰ সমাধান সূত্ৰ নোলোৱালৈকে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি জনায় সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details