অসম

assam

ETV Bharat / city

চৰাই মৰে ৰৈ শ্বেৰমান মৰে কৈ ! - গৰুখুটি

বুধবাৰে কংগ্ৰেছক আকৌ এক নতুন বিপদৰ মাজলৈ ঠেলি দি দলটোৰ বিধায়ক‌ শ্বেৰমান আলী আহমেদে গৰুখুটিৰ উচ্ছেদক লৈ কৰিছে কেতবোৰ চূড়ান্ত সাম্প্ৰদায়িক মন্তব্য । যাৰ ফলত বাৰুকৈয়ে অস্বস্তিত পৰিছে কংগ্ৰেছ নেতৃত্ব ।

চৰাই মৰে ৰৈ শ্বেৰমান মৰে কৈ...
চৰাই মৰে ৰৈ শ্বেৰমান মৰে কৈ...

By

Published : Sep 30, 2021, 4:44 PM IST

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ : অসমীয়াত এষাৰ কথা আছে, "এনেই মৰিছো ৠষিৰ শাপত, তাতে দিছে ধানৰ ভাপত..." । অসমত এতিয়া কংগ্ৰেছ দলটোৰো যেন এনে দশাই হৈছে ! সমূখত কেইবাটাও সমষ্টিৰ উপ-নিৰ্বাচন । তাতে গৰুখুটিৰ ঘটনাক লৈ কংগ্ৰেছে লোৱা স্থিতিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ এৰা নাই বিজেপিয়ে ।

তাৰ মাজতে বুধবাৰে কংগ্ৰেছক আকৌ এক নতুন বিপদৰ মাজলৈ ঠেলি দি দলটোৰ বিধায়ক‌ শ্বেৰমান আলী আহমেদে গৰুখুটিৰ উচ্ছেদক লৈ কৰিছে কেতবোৰ চূড়ান্ত সাম্প্ৰদায়িক মন্তব্য । যাৰ ফলত বাৰুকৈয়ে অস্বস্তিত পৰিছে কংগ্ৰেছ নেতৃত্ব ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইতিমধ্যে বিধায়ক শ্বেৰমান আলী আহমেদৰ এনে সাম্প্ৰদায়িক মন্তব্য কোনো কাৰণতে সমৰ্থনযোগ্য নহয় বুলি স্পষ্ট কৰি দিছে । বিধায়ক গৰাকীৰ এনে মন্তব্যই যে কংগ্ৰেছৰ বিস্তৰ ক্ষতি কৰিব সেই কথা ভালকৈয়ে বুজিছে দলীয় নেতৃত্বই ।

ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে বিধায়ক শ্বেৰমান আলী আহমেদৰ এই বিতৰ্কিত মন্তব্যৰ বিষয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সৈতে আলোচনাত মিলিত হয় সভাপতি ভূপেন বৰা । দুয়োৰে এই আলোচনাত বিধায়ক শ্বেৰমান আলী আহমেদলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত লোৱা হয় । স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও বহু নকবলগীয়া কথা কৈ, বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছিল ‌শ্বেৰমান আলী আহমেদ ৷

লগতে পঢ়কঃ চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আৰক্ষীয়ে উদ্ধাৰ কৰিলে ভুৱা প্ৰমাণ পত্ৰ ভাণ্ডাৰ

ABOUT THE AUTHOR

...view details