অসম

assam

ETV Bharat / city

আগন্তুক ৫ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব নুমলীগড় ৰিফাইনেৰীৰ কেবাটাও প্ৰকল্প - several projects of nrl

নুমলীগড় ৰিফাইনেৰী লিমিটেডে হাতত লোৱা কেইবাটাও বৃহৎ প্ৰকল্প আগন্তুক ৫ বছৰত ৩৫,০০০ কোটি টকাতকৈ অধিক বিনিয়োগ কৰি সম্পূৰ্ণ কৰাৰ পৰিকল্পনা নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ (Numaligarh Refinery Limited) ৷

several projects of NRL will completed within upcoming 5 years
CREATE ARTICLE ARTICLEexpand_moreclose 1 LikhithAms068Unicode Attach files আগন্তুক ৫ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ কেবাটাও প্ৰকল্প http://10.10.50.80:6060///finalout3/assam-nle/finalout/19-September-2022/16418081_bg.mp4 Add alt tags Mapping MAP Home Tabs > State > Cities Home Tabs > State > District Home Tabs > Briefs > Brief News Home Tabs > Headlines > Top News Tags: * Enter here.. Numaligarh Refinery Limited নুমলীগড় ৰিফাইনেৰী লিমিটেড Project of NRL নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প পাৰাদ্বীপ নুমলীগড় খাৰুৱা তেল পাইপলাইন পাৰাদ্বীপত খাৰুৱা তেল আমদানি টাৰ্মিনেল ২ জি ইথানল প্ৰকল্প ভাৰত বাংলাদেশ বন্ধুত্ব পাইপলাইন Suggested Mapping : state Assigner Note : Reporter : Kulageeta Saud Show related articles : Text Attachments : Attachment 1 Attachment 2 Attachment 3 Attachment 4 Count Summary Modified : 22:36, Sep 19 Source : ReporterBy : MitaliArticle Id: 16418081National : NoSourcePriority : NormalTask Category : Routine Story Format : Raw DOC Title * several projects of NRL will completed within upcoming 5 years Slug

By

Published : Sep 19, 2022, 11:02 PM IST

গুৱাহাটী, ১৯ ছেপ্টেম্বৰ :নুমলীগড় ৰিফাইনেৰী লিমিটেডে (Numaligarh Refinery Limited) হাতত লোৱা কেবাটাও বৃহৎ প্ৰকল্প আগন্তুক ৫ বছৰত ৩৫,০০০ কোটি টকাতকৈ অধিক বিনিয়োগ কৰি সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে (Project of NRL ) ৷ কোম্পানীটোৱে লোৱা প্ৰকল্প কেইটা হৈছে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ, পাৰাদ্বীপ- নুমলীগড় খাৰুৱা তেল পৰিবাহী পাইপলাইন স্থাপন, পাৰাদ্বীপত খাৰুৱা তেলৰ আমদানি টাৰ্মিনেল, ২ জি ইথানল প্ৰকল্প আৰু ভাৰত বাংলাদেশৰ মাজত বন্ধুত্ব পাইপলাইন আদি ।

সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি এন আৰ এলৰ এম. ডি. বি জে ফুকনে এই কথা সদৰি কৰে । আনহাতে আগন্তুক ২০২৩ বৰ্ষৰ পৰা পেট্ৰ’লত ২০ শতাংশ ইথানল মিহলি কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি মন্তব্য কৰে । তেওঁ পেট্ৰ’লত ইথানল মিহলি কৰিলে গাড়ীৰ ইঞ্জিনত কোনো প্ৰভাৱ নপৰে বুলি উল্লেখ কৰি বিশ্বৰ বহু দেশে ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰ কৰি আহিছে বুলি সদৰি কৰে এম ডি গৰাকীয়ে ৷

আগন্তুক ৫ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ কেবাটাও প্ৰকল্প

লগতে ইয়াৰ উদাহৰণ হিচাবে ব্ৰাজিলৰ নাম উল্লেখ কৰি ব্ৰাজিলে ৮০ শতাংশ ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰ কৰি আহিছে বুলি ক’লে এম ডি বি জে ফুকনে ৷ আনহাতে পেট্ৰ’লত ইথানল মিহলি কৰিলে প্ৰদূষণৰ মাত্ৰা কমি যোৱাৰ লগতে পৰিৱেশৰ বাবে এইয়া উপকাৰী হ’ব বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে । তাৰোপৰি তেওঁ কয় যে কোম্পানীটোৱে বিগত বৰ্ষতকৈ এইবাৰ ২০ শতাংশতকৈ অধিক ব্যৱসায় কৰিবলৈ সক্ষম হৈছে

কোম্পানীটোৱে চলিত বিত্তীয় বৰ্ষত বিগত বৰ্ষৰ ১৮,৫৪৮ কোটি টকাৰ বিপৰীতে ২৬.৯৫ শতাংশৰো অধিক ২৩,৫৪৬ কোটি টকাৰ সৰ্বাধিক বিক্ৰীৰ লেনদেন কৰিবলৈ সক্ষম হৈছে । কোম্পানীটোৱে পূৰ্বৰ ৪,০৮৩ কোটি টকা লাভৰ বিপৰীতে এই বৰ্ষত ১৮.৩৭ শতাংশ অধিক অৰ্থাৎ ৪,৮৪৮ কোটি টকা সৰ্বাধিক অৰ্জন কৰিবলৈ সক্ষম হৈছে । কোম্পানীটোৱে বিগত বছৰটোত ৩,০৩৬ কোটি টকাৰ বিপৰীতে এই বছৰত ৩, ৫৬২ কোটি টকাৰ মুঠ লাভ কৰে ।

উল্লেখ্য যে সোমবাৰে গুৱাহাটীৰ এন আৰ এল কাৰ্যালয়ত এন আৰ এলৰ অধ্যক্ষ তথা অইলৰ চি এম ডি ড৹ আৰ ৰথৰ সভাপতিত্বত নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ ২৯ সংখ্যক বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয় । সংবাদমেলত এন আৰ এলৰ অধ্যক্ষ তথা চি এম ডি ড৹ আৰ ৰথৰ, ফাইনেঞ্চ ডাইৰেক্টৰ ইন্দ্ৰনীল মিত্ৰ উপস্থিত থাকে ৷

লগতে পঢ়ক:সাংবাদিকে কি কি প্ৰশ্ন কৰিব সেয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতেহে হ’ব !

ABOUT THE AUTHOR

...view details