গুৱাহাটী, 29 জানুৱাৰীঃ বড়ো চুক্তিয়ে এটা সমস্যা সমাধান কৰাৰ লগে লগে আন নতুন সমস্যাৰো সৃষ্টি কৰিব ৷ তিনি দশকযোৰা বড়ো সমস্যাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই ৷
বড়ো চুক্তিয়ে সমস্যাৰ সমাধানৰ সমান্তৰালকৈ নতুন সমস্যাৰো সৃষ্টি কৰিব ! - Upamanyu Hazarika Reaction about Bodo Conflict and BTR
বড়ো চুক্তিয়ে এটা সমস্যা সমাধান কৰাৰ লগে লগে আন নতুন সমস্যাৰো সৃষ্টি কৰিব ৷ এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাৰ ৷ তিনি দশকযোৰা বড়ো সমস্যাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অধিবক্তাগৰাকীয়ে ৷
তেওঁ কয় যে, 'তিনি দশকত তৃতীয় বড়ো চুক্তিয়ে নিশ্চিতভাৱে বড়ো জনজাতিৰ আশা আকাংক্ষা পুৰণ কৰিলে, বিশেষকৈ যি বড়োসকলে বাংলাদেশী আগ্ৰাসন ৰোধ কৰিছে । কিন্তু এই চুক্তিয়ে এটা সমস্যা সমাধান কৰাৰ লগে লগে আৰু নতুন সমস্যাৰো সৃষ্টি কৰিব, কিয়নো BTAD এলেকাত বসবাস কৰা অনাবড়ো খিলঞ্জীয়া সকলৰ লগত আলোচনা নকৰি তেওঁলোকৰ অধিকাৰ উলংঘন কৰা হৈছে । ইতিমধ্যে ২০০৩ চনৰ চুক্তিয়ে অনাবড়ো খিলঞ্জীয়া সকলক BTADত দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনাইছিল ।' তেওঁ লগতে কয়, 'মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাই এনে চুক্তিৰ পৃষ্ঠপোষকতা কৰি খিলঞ্জীয়া সকলৰ মাজত বিভাজন বঢ়ালে আৰু BTADৰ অনাবড়ো খিলঞ্জীয়া সকলৰ স্তৰ আৰু অধিক অৱনতিহে কৰিলে । বড়োসকল অনুসূচিত জনজাতি হোৱাৰ বাবেই বাকী খিলঞ্জীয়া জনগোষ্ঠীৰ তুলনাত অতিৰিক্ত সা-সুবিধা উপভোগ কৰে । বৰ্তমান BTCত ৪০ খন আসনৰ ভিতৰত ২৫ খন বড়োসকলৰ বাবে সংৰক্ষিত আছে, য'ত নেকি তেওঁলোকৰ জনসংখ্যা BTCৰ মুঠ জনসংখ্যাৰ মাত্ৰ ২৭ শতাংশহে । বৰ্তমানৰ কাৰ্যনিৰ্বাহ কমিটিৰ ১৪ জন সদস্যৰ ভিতৰত ২জন অজনজাতি, কিন্তু তেওঁলোক খিলঞ্জীয়া নহয় । প্ৰকৃততে অনাবড়ো খিলঞ্জীয়া জাতি জনগোষ্ঠীক BTCৰ ৰাজনৈতিক শাসনৰ কোনো অধিকাৰ দিয়া হোৱা নাই ।'
শেহতীয়াকৈ সম্পন্ন হোৱা BTR চুক্তি সন্দৰ্ভত গুৱাহাটীত এইদৰে উল্লেখ কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ৷