গুৱাহাটী, ২৩ ডিচেম্বৰ : এতিয়াৰে পৰা অসম আৰক্ষীৰ নিযুক্তি সম্পৰ্কীয় সকলো পৰীক্ষা অনুষ্ঠিত কৰিব ছেবাই (SEBA to conduct police recruitment exam) । বিধানসভাৰ মজিয়াত আজি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখযোগ্য যে, বৃহস্পতিবাৰে বিধানসভাত অসম আৰক্ষী সংশোধনী বিধেয়ক(Assam Police Amendment Bill) খন মৌখিক ভোটত গৃহীত হয় ।
বিৰোধীয়ে বিধেয়কখনৰ সন্দৰ্ভত কেইবাটাও সংশোধনী আনিছিল যদিও শেষত সেই সংশোধনী প্ৰস্তাৱসমূহ অগ্ৰাহ্য কৰা হয় । সংশোধনী বিধেয়কখনৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে বিধানসভাত কয় যে, অসম আৰক্ষীৰ সকলো নিযুক্তি সম্পৰ্কীয় পৰীক্ষা এতিয়াৰে পৰা ছেবাই অনুষ্ঠিত কৰিব ।