অসম

assam

ETV Bharat / city

ছীল হ’ল ‘পাণ্ডু এফ আৰ ইউ চিকিৎসালয়’ - COVID-19

বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ছীল কৰিলে মহানগৰীৰ পাণ্ডু এফ আৰ ইউ চিকিৎসালয় ।

Seal Pandu F.R.U Hospital at Guwahati
Seal Pandu F.R.U Hospital at Guwahati

By

Published : Sep 10, 2020, 9:05 PM IST

গুৱাহাটী,10 ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণ ৷ বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ছীল কৰিলে মহানগৰীৰ পাণ্ডু এফ আৰ ইউ চিকিৎসালয় ৷

ছীল হ’ল ‘পাণ্ডু এফ আৰ ইউ চিকিৎসালয়’

শেহতীয়াকৈ চিকিৎসালয়খনৰ অধিকাংশ স্বাস্থ্য কৰ্মী ক'ভিড-১৯ ত আক্ৰান্তৰ সন্মুখীন হয় । উল্লেখ্য যে, চিকিৎসালয়খনত 30 গৰাকী লোক কৰ্মৰত আছিল । ইয়াৰে 2 গৰাকী চিকিৎসক,2 গৰাকী নাৰ্ছ,3 গৰাকী লেব টেকনিছিয়ান,2 গৰাকী ডাটা এন্ট্ৰি অপাৰেট ক'ভিড পজিটিভ ধৰা পৰে । যাৰ বাবে বন্ধ কৰি দিয়া হয় চিকিৎসালয়খন ।

বৰ্তমান জিলা প্ৰশাসনে কণ্টইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে চিকিৎসালয়খন । প্ৰথম পৰ্যায়ত 7 দিনৰ বাবে কণ্টইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে চিকিৎসালয়খন । ইফালে বৃহস্পতিবাৰৰ পৰা চিকিৎসালয়খনত নহয় ক'ভিড-১৯ ৰ পৰীক্ষা অথবা আন কোনো ৰোগৰ পৰীক্ষা । চিকিৎসালয়খনৰ ক'ভিড পৰীক্ষাৰ সকলো ব্যৱস্থা পাণ্ডু আদৰ্শ বিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে । উল্লেখ্য যে,পাণ্ডু এফ আৰ ইউ চিকিৎসালয়ৰ পৰা গুৱাহাটীত আৰম্ভ হৈছিল ৰেপিড এন্টিজেন টেষ্ট ব্যৱস্থা ।

লগতে চাওক-সাম্প্ৰতিক সময়ত জাতীয়তাবাদেহে জাতিটোক ৰক্ষা কৰিবঃ অখিল গগৈ

ABOUT THE AUTHOR

...view details