নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ: গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইটি)ত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহ-২০২২। আইআইটি, গুৱাহাটীৰ প্ৰেক্ষাগৃহত বুধবাৰে আগবেলা আনুষ্ঠানিক ভাৱে এই সমাৰোহ উদ্বোধন কৰে ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তই (Science and Technology Minister Keshab Mahanta) ।
অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সচিব লয়া মাদুৰী, বিভাগৰ অতিৰিক্ত সচিব তথা অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ সঞ্চালিকা কিমনেই চাংচন উপস্থিত থাকে ৷ কামৰূপ জিলাৰ উপায়ুক্ত কিৰ্থি জল্লী, আইআইটি গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীঠাৰামৰ লগতে আইআইটিৰ অধ্যাপকসকল, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা আৰু কেন্দ্ৰ সমন্বয়কসকল আৰু জিলাসমূহৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰক প্ৰতিনিধিত্বকাৰী ছাত্ৰ-ছাত্ৰসকলেও অংশগ্ৰহণ কৰে এই অনুষ্ঠানত ।
ৰাজ্যিক পৰ্যায়ৰ ছাত্ৰ-বিজ্ঞান সমাৰোহখনি উদ্বোধন কৰি দিয়া ভাষণত বিভাগীয় মন্ত্ৰী মহন্তই কয়, 'এই ৰাজ্যিক সমাৰোহে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন বৈজ্ঞানিক চিন্তা-চৰ্চাৰ সৈতে পৰিচিত হোৱাৰ এক সুৱৰ্ণ সুযোগ প্ৰদান কৰিব । আই আই টিৰ পৰীক্ষাগাৰবোৰ নিৰীক্ষণ কৰি তেওঁলোকে বিজ্ঞান আৰু প্ৰযুক্তিৰ শেহতীয়া উপলব্ধিবোৰৰ উমান পাব আৰু অনুপ্ৰাণিত হ’ব ।
এই সমাৰোহত অংশগ্ৰহণ কৰাৰ বাবে আমাৰ শিক্ষাৰ্থীসকলে পোৱা সুৱৰ্ণ সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ তেওঁলোকক আহ্বান জনাইছোঁ ।' এই সমাৰোহৰ তিনিওটা দিন আই আই টি চৌহদত (IIT Guwahati) থাকি শিক্ষাৰ্থীসকলে মধুৰ স্মৃতি লৈ ঘৰলৈ ঘূৰি যাব পাৰিব বুলি দোহাৰি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে এই স্মৃতি আৰু অভিজ্ঞতাই ভৱিষ্যতেও তেওঁলোকক অনুপ্ৰেৰণা যোগাই যাব । ৰাজ্য চৰকাৰে স্কুলীয়া স্তৰৰ পৰাই নৱপ্ৰজন্মৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰাৰ লগতে বিজ্ঞানৰ প্ৰতি ধাউতি বৃদ্ধিত উদগণি যোগোৱাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰি বিভাগীয় মন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰবোৰত চৰকাৰৰ ফালৰ পৰা বিভিন্ন সা-সুবিধা প্ৰদানৰ ব্যৱস্থা লৈছে ।