গুৱাহাটী, 5 ছেপ্তেম্বৰ: 1992 চনৰ 5 ছেপ্তেম্বৰ দিনটোতেই জন্ম হৈছিল নাটকৰ বিদ্যালয় ‘স্কুল অৱ ড্ৰামাই’ ৷ শনিবাৰে স্কুল অৱ ড্ৰামাৰ 27 বৰ্ষ সম্পূৰ্ণ হোৱাৰ পৰিপেক্ষিতত গুৱাহাটী প্ৰেছক্লাৱত স্কুল অৱ ড্ৰামাৰ অধ্যক্ষ মুন্না আহমেদে এক সংবাদমেল সম্বোধন কৰি সাংবাদিক সকলৰ সৈতে মত বিনিময় কৰে ৷
উল্লেখ্য যে, নৱপ্ৰজন্মক নাটকৰ দিশত এখন মঞ্চ দিয়াৰ উদ্দেশ্যৰে আৰম্ভ কৰা এই নাট্য প্ৰতিষ্ঠানৰ পৰা বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে সফলতাৰে ধাৰাবাহিক, চিনেমাত সুযোগ লাভ কৰিছে ৷ লগতে এই বৰ্ষৰ নামভৰ্তি ইতিমধ্যে আৰম্ভ হৈছে বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে স্কুল অৱ ড্ৰামাৰ অধ্যক্ষগৰাকীয়ে ৷