অসম

assam

ETV Bharat / city

বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ উদ্যোগত 'ছাত্ৰ কণ্ঠ' অনুষ্ঠান - অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক মুন তালুকদাৰৰ সংবাদমেল

অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ উদ্যোগত বুধবাৰে অনুষ্ঠিত কৰা হ'ব 'ছাত্ৰ কণ্ঠ' অনুষ্ঠান ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব জনপ্ৰিয় গায়ক জুবিন গাৰ্গকে ধৰি শিল্পী,সাহিত্যিক, সাংবাদিকৰ লগতে বহুতো বিশিষ্ট ব্যক্তিয়ে ৷

উপস্থিত থাকিব বহু শিল্পী,সাহিত্যিক,সাংবাদিক
'ছাত্ৰ কণ্ঠ' অনুষ্ঠান

By

Published : Dec 17, 2019, 7:09 PM IST

Updated : Dec 17, 2019, 7:53 PM IST

গুৱাহাটী,17 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব'ছাত্ৰ কণ্ঠ'শীৰ্ষক এক প্ৰতিবাদী অনুষ্ঠান ৷ কটন বিশ্ববিদ্যালয়,ডিব্ৰুগড় বিশ্ববিদ্যালয়,তেজপুৰ বিশ্ববিদ্যালয়কে ধৰি বহুকেইখন মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হ'ব এই অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব জনপ্ৰিয় গায়ক জুবিন গাৰ্গকে ধৰি শিল্পী,সাহিত্যিক, সাংবাদিকৰ লগতে বহুতো বিশিষ্ট ব্যক্তিয়ে ৷ মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত এক সংবাদমেল সম্বোধন কৰি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি অনুৰাগ কল্যাণ বৰগোহাঁই আৰু সাধাৰণ সম্পাদক মুন তালুকদাৰে এই কথা জানিবলৈ দিয়ে ৷

'ছাত্ৰ কণ্ঠ' অনুষ্ঠান

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক পদত থাকিও অসমীয়াৰ হকে এনেদৰেই মাত মাতি যাব বুলি উল্লেখ কৰে মুন তালুকদাৰে ৷ কেন্দ্ৰীয় চৰকাৰক এই কথা জনোৱাৰ উদ্দেশ্যেই এবিভিপিৰ পৰা পদত্যাগ কৰা নাই বুলি মন্তব্য কৰে মুন তালুকদাৰে ৷ শাসক পক্ষৰ ছাত্ৰ সংগঠনটোত থাকি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি যাব বুলি উল্লেখ কৰে মুন তালুকদাৰে ৷ তাৰোপৰি এবিভিপিক মুৰ্খৰ দল আখ্যা দিয়ে সাধাৰণ সম্পাদকগৰাকীয়ে ৷

শাসক পক্ষই একাংশ লোকক ভাড়ালৈ আনি নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত সমদল উলিয়াইছিল বুলি বিস্ফোৰক মন্তব্য কৰে মুন তালুকদাৰে। আনহাতে,এই আন্দোলনৰ জৰিয়তে এটা নতুন ছাত্ৰ সংগঠন জন্ম দিয়াৰ খবৰ বিয়পি পৰা কাৰ্যক চৰকাৰী পক্ষৰ ষড়যন্ত্ৰ আখ্যা দিলে বিশ্ববিদ্যালয় সমাজে। ইয়াৰোপৰি,এই আইন বিৰোধী প্ৰতিবাদ মষিমূৰ কৰিবলৈ অখিল গগৈ,জিতেন দত্তসহ আন নেতাসকলক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে ছাত্ৰ সমাজে । তেখেতসকলক বিনাচৰ্তে মুকলি কৰিবলৈও দাবী জনাই বিশ্ববিদ্যালয় ছাত্ৰ সমাজে।

আৰু পঢ়ক : বুধবাৰৰ পৰা আৰম্ভ হ'ব সকলো ৰে'লৰ চলাচল

Last Updated : Dec 17, 2019, 7:53 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details