গুৱাহাটী, ১৮ এপ্ৰিল: ৭১সংখ্যক গুৱাহাটী বিহু সন্মিলনখনি গুৱাহাটী লতাশিল খেলপথাৰত সুকলমে অনুষ্ঠিত হৈ যায় (Guwahati Latasil Bihu Sanmilan) ৷ এই বিহু সন্মিলনখনিত কেইবাটাও শাখাত বঁটা প্ৰদান কৰা হয় (Latasil Bihu Sanmilan prizes) ৷ সন্মিলনী খনিৰ অন্যতম আকৰ্ষণ বিহু সম্ৰাজ্ঞীৰ খিতাপ এইবাৰ দখল কৰে শিৱসাগৰৰ শতাব্দী কলিতাই (Bihu Samragyi of Latasil Bihu Sanmilan) ৷
গুৱাহাটী বিহু সন্মিলনে বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰোঁতাৰ বাবে ৰাখিছিল বিশেষ উপহাৰ ৷ বিহু সম্ৰাজ্ঞীৰ খিতাপৰ লগত আছিল নগদ 1 লাখ টকা, 10 গ্ৰাম সোণ, ফ্ৰীজ, টিভি, ৱাচিং মেচিন আৰু 4 দিনীয়া গোৱা ভ্ৰমণৰ এটা সুন্দৰ পেকেজ ৷
বিহু সম্ৰাজ্ঞীৰ চৃড়ান্ত প্ৰতিযোগীতাখনলৈ 5 গৰাকী প্ৰতিযোগীয়ে যোগ্যতা অৰ্জন কৰিছিল ৷ তেওঁলোকৰ ভিতৰত এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় শতাব্দী কলিতাই ৷ আনহাতে সন্মিলনীখনিৰ শ্ৰেষ্ঠ পেঁপাবাদকৰ সন্মান লাভ কৰে দেৱজিৎ তামুলীয়ে ৷ এই সন্মানৰ সৈতে তেওঁ লাভ কৰে নগদ 10 হেজাৰ টকা আৰু এটা ট্ৰফী ৷
শ্ৰেষ্ঠ ঢুলীয়া বঁটাৰ সৈতে নগদ 10 হেজাৰ টকা আৰু এটা ট্ৰফী লাভ কৰিলে নয়ন জ্যোতি বৰাই ৷ ৭১সংখ্যক গুৱাহাটী বিহু সন্মিলনখনিত বিহুৰাণী (Bihurani Latasil bihu sanmilan) আৰু বিহুকুঁৱৰীৰ সন্মান লাভ কৰে ক্ৰমান্বয়ে মৰাণৰ জীয়ৰী নিমিষা দিহিঙীয়া আৰু ধেমাজি জীয়ৰী প্ৰীতিৰাণী বৰগোহাঁয়ে ৷
লগতে পঢ়ক:Rangali Bihu 2022: ধেমাজিত পৰম্পৰা ৰক্ষা কৰি ঘৰে ঘৰে জেং বিহু