গুৱাহাটী, 24 ফেব্ৰুৱাৰী :যিমানেই মাজুলী উপ নিবাচন (Majuli By Election 2022) ৰ দিন চমু চাপিছে সিমানেই ৰাজনৈতিক নেতাসকলৰ মাজত এক চলিছে কথাৰ প্ৰতিদ্বন্দ্বিতা ৷ ভোটদান আৰম্ভ নহওঁতেই চলিছে জয়লাভৰ জোখমাখ ৷
বৃহস্পতিবাৰে গুৱাহাটীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত পৌৰ সভা নিৰ্বাচনৰ বিজেপিৰ সংকল্প পত্ৰ (ইস্তাহাৰ) উন্মোচনী অনুষ্ঠান (Assam CM Released Sankalpa Patra of BJP)ত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক মাজুলী উপনিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীগৰাকী অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি মন্তব্য কৰে (CM Himanta Biswa Sarma reacts on Majuli By Election) ৷ ইয়াৰোপৰি মাজুলীৰ প্ৰাক্তন বিধায়ক তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও মাজুলীলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব বুলি জানিব পৰা গৈছে (Minister Sarbananda Sonowal come to Majuli for election campaign) ।