অসম

assam

ETV Bharat / city

Sarbananda Sonowal on Loktak Lake : মণিপুৰৰ ল'কটক হ্রদক পর্যটনস্থলী হিচাপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে মণিপুৰৰ বিখ্যাত ল'কটক হ্ৰদৰ লগতে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ জেট্ৰী পৰিদর্শন(Sarbananda sonowal visit loktak lake of manipur) কৰে । হ্ৰদটোক বিশ্বৰ এক আকর্ষণীয় পর্যটনস্থলী হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰৰ পৰা যাৱতীয় সকলো সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ।

Sonowal assures support to develop Loktak lake
ল'কটক হ্ৰদ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

By

Published : Dec 4, 2021, 10:22 PM IST

গুৱাহাটী,৪ ডিচেম্বৰ :ল'কটক হ্ৰদ মণিপুৰৰ আত্মাস্বৰূপ । অপৰূপ সৌন্দর্যৰে আবৃত এই হ্ৰদটোৰ উন্নয়ন আৰু পর্যটনৰ বিকাশৰ বাবে কেন্দ্ৰৰ পৰা যাৱতীয় সকলো সহযোগিতা আগবঢ়োৱা হ'ব । এই মন্তব্য কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Union Minister Sarbananda Sonowal)ৰ ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শনিবাৰে মণিপুৰত উপস্থিত হৈ বিখ্যাত ল'কটক হ্ৰদৰ লগতে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ জেট্ৰী পৰিদর্শন(Sonowal assures support to develop Loktak lake ) কৰি এই কথা সদৰি কৰে ।

ল'কটক হ্ৰদ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰিদর্শনকালৰ আৰম্ভণিতে বিষয়াসকলৰ পৰা হ্ৰদটোৰ উন্নয়ন তথা পর্যটন সম্বন্ধীয় বিভিন্ন দিশৰ বুজ লয় । তেওঁ নাৱেৰে হ্ৰদটো ভ্ৰমণ কৰি ইয়াৰ সৌন্দর্য উপভোগ কৰে । এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি সোণোৱালে ল'কটক হ্ৰদৰ পৰ্যটনৰ ক্ষেত্ৰত অপৰিসীম সম্ভাৱনা নিহিত হৈ আছে বুলি উল্লেখ কৰে । তেওঁ এছিয়াৰ অন্যতম বৃহৎ এই জলাশয়টোৰ উন্নয়ন আৰু পৰ্যটনৰ বিকাশৰ দিশত সেয়েহে অগ্ৰাধিকাৰ দিয়াৰ কথা ব্যক্ত কৰে আৰু ইয়াক সমগ্ৰ বিশ্বৰ পৰ্যটকৰ বাবে আকর্ষণীয় পর্যটনস্থল হিচাপে গঢ়ি তোলাৰ কথা ব্যক্ত কৰে ৷

ল'কটক হ্ৰদ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

সোণোৱালে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীণ বিকাশৰ ওপৰত দিয়া বিশেষ গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীৰ হৃদয় আৰু আত্মা উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সম্পৃক্ত বুলি মন্তব্য কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, মণিপুৰ চৰকাৰক অভ্যন্তৰীণ জলপথ আৰু আয়ুষৰ প্ৰসাৰ তথা উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্পূর্ণ সহযোগিতা আগবঢ়োৱা হ'ব ।

ল'কটক হ্ৰদ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

তেওঁ লগতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে প্ৰধানমন্ত্ৰীৰ মার্গদর্শনক সাৰোগত কৰি সমগ্ৰ ৰাজ্যখনত যথেষ্ট দৃষ্টান্তমূলক উন্নয়ন সম্ভৱ কৰি তুলিব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিং, স্থানীয় বিধায়ক পি শৰৎ চন্দ্ৰ সিং, ল'কটক উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ এল সুশেন্দ্ৰ মেইটেই প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক :Amit Shah to Visit Jaisalmer: BSFৰ প্ৰতিষ্ঠা দিৱসত অংশ ল'ব মন্ত্ৰীগৰাকীয়ে

ABOUT THE AUTHOR

...view details