অসম

assam

ETV Bharat / city

হলদিয়াৰ পৰা পাণ্ডুলৈ ষ্টীল কার্গ' ভর্তি বার্জৰ প্ৰথম যাত্রা শুভাৰম্ভ সর্বানন্দ সােণােৱালৰ

এই প্ৰথম যাত্ৰাত জামছেদপুৰত টাটা ষ্টীল লিমিটেডৰ দ্বাৰা নিৰ্মিত 1798 টন টি এম টি বাৰৰ কাৰ্গ' পৰিবহণ কৰা হৈছে । পাণ্ডুত সামগ্ৰীবোৰ আনলোড কৰাৰ পিছত বার্জসমূহ কলকাতা ড’ক ছিষ্টেমত (কে ডি এছ) ডিছচার্জৰ বাবে কয়লা কাগ'ৰ সৈতে ঘূৰি আহিব ।

sarbananda-sonowal-flags-off-maiden-voyage-of-shipment-of-steel-from-haldia-to-pandu
ষ্টীল কার্গ' ভর্তি বার্জৰ প্ৰথম যাত্রা শুভাৰম্ভ সর্বানন্দ সােণােৱালৰ

By

Published : Feb 17, 2022, 9:16 AM IST

Updated : Feb 17, 2022, 10:20 AM IST

গুৱাহাটী, 17 ফেব্ৰুৱাৰী :জলপথৰ যোগেদি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অর্থনৈতিক বিকাশৰ যাত্ৰা ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Minister of Ports, Shipping & Waterways and AYUSH Sarbananda Sonowal) বুধবাৰে পশ্চিমবংগৰ শ্যামা প্ৰসাদ মুখার্জী বন্দৰত ষ্টীল কাৰ্গ'ৰে পৰিপূৰ্ণ বাৰ্জৰ প্ৰথম যাত্ৰাৰ ফ্লেগ অফ কৰে । এই বাৰ্জ ইণ্ডো-বাংলাদেশ প্ৰট'কল জলপথ হৈ ব্ৰহ্মপুত্ৰৰে পাণ্ডুত উপস্থিত হ'ব । এই যাত্ৰাত জামছেদপুৰত টাটা ষ্টীল লিমিটেডৰ দ্বাৰা নিৰ্মিত 1798 টন টি এম টি বাৰৰ কাৰ্গ' পৰিবহণ কৰা হৈছে ।

ষ্টীল কার্গ' ভর্তি বার্জৰ প্ৰথম যাত্রা শুভাৰম্ভ সর্বানন্দ সােণােৱালৰ

পাণ্ডুত সামগ্ৰীবোৰ আনলোড কৰাৰ পিছত বার্জসমূহ কলকাতা ড’ক ছিষ্টেমত (কে ডি এছ) ডিছচার্জৰ বাবে কয়লা কাৰ্গ'ৰ সৈতে ঘূৰি আহিব । আনহাতে হলদিয়া ঘাটৰ পৰা ডিব্রুগড়ৰ লেপেটকটাস্থিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (বি চি পি এল)ৰ পেট্ৰ'কেমিকেল কমপ্লেক্সৰ বাবে ফীড ষ্ট’কৰ চলাচলৰ ক্ষেত্ৰত এক সুশৃংখল ল'জিষ্টিক চেইন স্থাপনৰ বাবে মেচাৰ্ছ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড আৰু কলকাতাৰ শ্যামাপ্ৰসাদ মুখার্জী বন্দৰৰ মাজত বুজাবুজিৰ এক চুক্তি স্বাক্ষৰিত হয় ।

এই বুজাবুজি চুক্তিয়ে ডিব্রুগড়ৰ লেপেটকটাৰ বাবে হলদিয়া ডক কমপ্লেক্সৰ পৰা নাফথা, প্ৰপেন, পেন্টেন আদিৰ দৰে সা-সামগ্ৰীৰ চলাচলৰ বাবে এক সুশৃংখল ল'জিষ্টিক চেইন স্থাপনত সহায় কৰিব । তদুপৰি ইয়াৰ জৰিয়তে আমদানিকৃত ফীড ষ্ট’কৰ সংৰক্ষণৰ বাবে টেঙ্কেজৰ সুবিধা স্থাপনৰো পৰিকল্পনা কৰা হৈছে । যাৰবাবে হলদিয়া ডক কমপ্লেক্স, শ্যামাপ্ৰসাদ মুখার্জী বন্দৰে ভূমি আৰু ৰে'ল সংযোগৰ ব্যৱস্থা নিশ্চিত কৰিব । এয়া হৈছে এনেধৰণৰ প্ৰথম সহযোগিতামূলক পদক্ষেপ ।

ষ্টীল কার্গ' ভর্তি বার্জৰ প্ৰথম যাত্রা শুভাৰম্ভ সর্বানন্দ সােণােৱালৰ

ইয়াৰদ্বাৰা একাধিক সংস্থা যেনে টাটা ষ্টীল, ৰে'লৱে, শুল্ক কর্তৃপক্ষ, ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, বার্জ অপাৰেটৰ আৰু শ্যামাপ্ৰসাদ মুখার্জী বন্দৰে সন্মিলিত প্ৰচেষ্টাৰে এক নিৰৱচ্ছিন্ন আৰু দ্ৰুত জলপথৰ গতিবিধি নিশ্চিত কৰাত সহায় কৰিছে । হলদিয়া বন্দৰত গ্ৰীণ প'র্ট কার্যসূচীৰ অধীনত প্ৰতিদিনে ৪ মিলিয়ন লিটাৰ পানী যোগান ধৰিব পৰা ৱাটাৰ ট্ৰিটমেন্ট প্লান্ট আৰু ইজ অৱ ডুয়িং পদক্ষেপৰ অংশ হিচাপে বুধবাৰে এটা হেল্পডেস্ক, আধুনিক সুবিধাযুক্ত প্ৰশিক্ষণ কোঠা উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

অসম তথা পূব ভাৰতৰ বাবে অতিশয় গুৰুত্বপূর্ণ এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, প্ৰধানমন্ত্ৰী গতি শক্তিৰ অধীনত চৰকাৰে যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত একত্ৰিত দৃষ্টিভংগী আৰু সু পৰিকল্পনাৰে আগবাঢ়িব বিচাৰিছে । যিয়ে সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অর্থনৈতিক বিকাশ যাত্ৰাক নতুন গতি প্ৰদান কৰিব । তদুপৰি অভ্যন্তৰীণ জলপথ আৰু বন্দৰসমূহৰ মাজত যথেষ্ট সমন্বয় ৰখা হৈছে যাতে মুখ্য আমদানি-ৰপ্তানি আৰু ঘৰুৱা কাৰ্গ পৰিচালনাৰ ক্ষেত্ৰত মাল্টি ম'ডেল ল'জিষ্টিক হাব হিচাপে সেৱা আগবঢ়াব পৰা যায় ।

ষ্টীল কার্গ' ভর্তি বার্জৰ প্ৰথম যাত্রা শুভাৰম্ভ সর্বানন্দ সােণােৱালৰ

কেন্দ্রীয় মন্ত্রীগৰাকীয়ে লগতে কয় যে পূব ভাৰতৰ লোকসকল নদী, উপনৈৰ বিশাল নেটৱৰ্কৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত । প্ৰধানমন্ত্ৰী গতি শক্তি প্ৰকল্পই বিভিন্ন মাধ্যমৰ যোগেদি কাৰ্গৰ একত্ৰিত আৰু নিৰৱচ্ছিন্ন চলাচলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত জানিবলৈ দিয়ে । অনুষ্ঠানটোত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়, ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, শ্যামাপ্ৰসাদ মুখার্জী বন্দৰ, ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড প্ৰমুখ্যে টাটা ষ্টীল লিমিটেডৰ কর্তৃপক্ষ আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছিল ।

ষ্টীল কার্গ' ভর্তি বার্জৰ প্ৰথম যাত্রা শুভাৰম্ভ সর্বানন্দ সােণােৱালৰ

লগতে পঢ়ক :অৰুণাচলত সাজু আৰু ছটাকৈ বৃহৎ ‘জলবোমা’

Last Updated : Feb 17, 2022, 10:20 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details