গুৱাহাটী, 15 মাৰ্চ : শুকুৰবাৰৰ পৰা বন্ধ হ'ল পুৰণি শৰাইঘাট দলং ৷ পুৱা ৭ বজাৰ পৰা পৰীক্ষামূলকভাৱে বন্ধ কৰা হয় দলংখন । পুৰণি দলংখনৰ মেৰামতিৰ বাবে দলংখন বন্ধ ৰখাৰ সিদ্ধান্ত উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ ৷ তিনি মাহলৈদলংখন বন্ধ ৰাখি মেৰামতি কৰা হ'ব দলংখনৰ ৷
বন্ধ হ'ল পুৰণি শৰাইঘাট দলং - পুৰণি শৰাইঘাট দলং
তিনি মাহলৈ বন্ধ ৰাখি মেৰামতি কৰা হ'ব দলংখনৰ
![বন্ধ হ'ল পুৰণি শৰাইঘাট দলং](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2695710-214-c657e1c1-f5e1-48ee-80af-467f7646c515.jpg)
বন্ধ হ'ল পুৰণি শৰাইঘাট দলং
বন্ধ হ'ল পুৰণি শৰাইঘাট দলং
ইফালে পুৰণি দলংখন বন্ধ হোৱাৰ পাচতেই নতুন দলঙত তীব্ৰ যান-জঁট সৃষ্টি হোৱা আশংকাত যান-জঁট নিয়ন্ত্ৰনৰ বাবে তৎপৰতা বৃদ্ধি পাইছে মহানগৰ আৰক্ষীৰ মাজত৷ আনহাতে বন্ধৰ সময়চোৱাত দিনৰ ভাগত নতুন দলঙেৰে বন্ধ থাকিব গধুৰ যান-বাহনৰ চলাচল ৷