অসম

assam

ETV Bharat / city

ৰাজীৱ কুমাৰ-কুনাল ঘোষক জেৰা চলাব চি বি আয়ে

সাৰদা কেলেংকাৰী সন্দৰ্ভত শ্বিলঙত চলিব জেৰা

কুনাল ঘোষ আৰু ৰাজীৱ কুমাৰক দেওবাৰে জেৰা কৰিব চি বি আইয়ে

By

Published : Feb 10, 2019, 10:07 AM IST

গুৱাহাটী, ১০ ফেব্ৰুৱাৰীঃ সাৰদা কেলেংকাৰী সন্দৰ্ভত দ্বিতীয় দিনা কেন্দ্ৰীয় অনুসন্ধান সন্থাৰ জেৰাৰ সন্মুখীন হ'ব কলকাতা আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ।

কুনাল ঘোষ আৰু ৰাজীৱ কুমাৰক দেওবাৰে জেৰা কৰিব চি বি আইয়ে
শনিবাৰে পুৱা ১১ বজাৰ পৰা নিশা ৭ বজালৈ প্ৰায় ৮ ঘন্টা ধৰি চি বি আইৰ দলটোৱে আৰক্ষী আয়ুক্ত জনক জেৰা চলায়। দেওবাৰে পুনৰ ৰাজীৱ কুমাৰক তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ কুনাল ঘোষৰ লগত একেলগে জেৰা চলাব বুলি জানিব পৰা গৈছে। ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কুনাল ঘোষ শনিবাৰে নিশা চি বি আইৰ জেৰাৰ বাবে শ্বিলঙত উপস্থিত হৈছে। দেওবাৰে পুৱা ১০.৩০ বজাৰ পৰা শ্বিলঙৰ চি চি আই কার্যালয়ত কুনাল ঘোষ আৰু ৰাজীৱ কুমাৰক চি বি আয়ে জেৰা চলাব।
উল্লেখ্য় যে প্ৰাক্তন সাংসদ কুনাল ঘোষ কেইবাশ কোটি টকীয়া সাৰদা কেলেংকাৰীৰ অন্যতম অভিযুক্ত আৰু এই কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগতে তেওঁ জেললৈ যাবলগীয়া হৈছিল।

ABOUT THE AUTHOR

...view details