অসম

assam

By

Published : Aug 25, 2022, 9:22 PM IST

ETV Bharat / city

কৰ্মচাৰীক প্ৰহাৰ কৰা বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰ্মচাৰী পৰিষদৰ

সদৌ অসম কৰ্মচাৰী পৰিষদৰ এটা সজাতি দলে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি কেইবাটাও দাবী উত্থাপন কৰাৰ লগতে বিধায়ক জয়ন্ত বসুমতাৰীয়ে জনতা ভৱনৰ কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ বিষয়ে অৱগত কৰে(Secretariat employee attacked by MLA) । আনহাতে মুখ্যমন্ত্রীৰ হস্তক্ষেপ বিচাৰি ন্যায়ৰ বাবে অসম সচিবালয় সেৱা সন্থাই মুখ্যমন্ত্রীলৈ প্ৰেৰণ কৰে পত্র ।

sadou-asom-karmachari-parishad-representatives-meet-cm-himanta-biswa-sarma
কৰ্মচাৰীক প্ৰহাৰ কৰা বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰ্মচাৰী পৰিষদৰ

গুৱাহাটী,২৫ আগষ্ট: সচিবালয়ৰ এজন কৰ্মচাৰীক জনপ্ৰতিনিধিয়ে প্ৰহাৰ কৰা ঘটনাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া(MLA attacked employee in Janata Bhawan) । উল্লেখ্য যে বুধবাৰে বিয়লি চিদলী সমষ্টিৰ ইউ পি পি এলৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে পৰিবহন বিভাগৰ সচিবৰ কাৰ্যালয়ৰ কৰ্মচাৰী বিভূতি ভট্টাচাৰ্যক শাৰীৰিকভাৱে অপদস্থ কৰিছিল । এই ঘটনাক লৈ বুধবাৰে উত্তপ্ত হৈ পৰিছিল জনতা ভৱন(Tense situation in Janata Bhawan) । ঘটনাৰ পাছতে সন্ধিয়া জনতা ভৱনত কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল(Protest against MLA at Janata Bhawan) ।

কৰ্মচাৰীক প্ৰহাৰ কৰা বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰ্মচাৰী পৰিষদৰ

ভুক্তভোগী কৰ্মচাৰীজনে ঘটনা সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগতে আন কৰ্মচাৰী সন্থাক লিখিতভাৱে জনাইছিল । ইয়াৰ পাছতেই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীৰ হস্তক্ষেপ বিচাৰি ন্যায়ৰ বাবে অসম সচিবালয় সেৱা সন্থাই মুখ্যমন্ত্রীলৈ পত্র প্ৰেৰণ কৰিছিল । ইয়াৰ পাছত আজি অৰ্থাৎ বৃহস্পতিবাৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ এটা সজাতি দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক(Sadou Asom Karmachari Parishad members meet CM) সাক্ষাৎ কৰি কেইবাটাও দাবী উত্থাপন কৰাৰ লগতে বিধায়ক জয়ন্ত বসুমতাৰীয়ে জনতা ভৱনৰ কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ বিষয়টোও অৱগত কৰে ।

বুধবাৰে বিধায়ক জয়ন্ত বসুমতাৰীয়ে জনতা ভৱনৰ কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত সংগঠনটোৱে কয় যে কেইমাহমান পূর্বে উচ্চপদস্থ বিষয়াৰ ককৰ্থনা সহ্য কৰিব নোৱাৰি অসম সচিবালয়ৰ এগৰাকী জ্যেষ্ঠ প্রশাসনীয় সহায়কে আত্মহত্যা কৰিছিল । ইয়াৰ পাছত পৰিবহন আয়ুক্তৰ কাৰ্যালয়ত এগৰাকী ভাৰতীয় প্ৰশাসনীয় বিষয়াই সামান্য অজুহাততে পৰিবহন আয়ুক্তৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীক শাৰিৰীকভাৱে অপদস্থ কৰাৰ লগতে অশ্লীল গালি গালাজ কৰি কাৰ্যালয়ৰ পৰিবেশ বিনস্ত কৰাৰো অভিযোগ উত্থাপিত হৈছিল ।

কৰ্মচাৰীক প্ৰহাৰ কৰা বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰ্মচাৰী পৰিষদৰ

ইয়াৰ পাছত বুধবাৰে পুনৰ চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে খোদ জনতা ভৱনত বিভূতি ভট্টাচাৰ্য নামৰ বিশেষভাৱে সক্ষম কনিষ্ঠ সহায়কক কার্যালয় কক্ষত সামান্য অজুহাতত শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ উপৰি অভব্য আচৰণ কৰে(Secretariat employee attacked by MLA) । সদৌ অসম কৰ্মচাৰী পৰিষদে বিধায়কৰ এনে লজ্জাজনক কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে । পৰিষদৰ সভাপতি প্ৰদীপ দত্ত আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্রধান শ্যামন্ত দাসে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিসময়ত ৰাজ্যৰ উন্নয়ন আৰু সুপ্ৰশাসনৰ বাবে দিনে নিশাই আহ্বান জনাই আহিছে সেই সময়ত এগৰাকী বিধায়কে কার্যালয় কক্ষত পৰিবহণ বিভাগৰ সচিবক সাক্ষাতৰ বাবে আহি কৰ্মচাৰীক শাৰিৰীকভাৱে অপদস্থ কৰা কার্য কেতিয়াও গ্রহণযোগ্য হ'ব নোৱাৰে ।

ঘটনাৰ সন্দৰ্ভত নেতাদ্বয়ে ক্ষোভেৰে কয় যে জনপ্ৰতিনিধিৰ অফুৰন্ত ক্ষমতা আছে । কিন্তু তেনে ক্ষমতাৰ ৰাগীত মতলীয়া হৈ কৰ্মচাৰীক কাৰ্যালয় কক্ষত শাৰীৰিকভাৱে অপদস্থ কৰাতো গৰিহণাৰ যোগ্য । এনেকুৱা পৰিস্থিতিৰ বাবে জনপ্রতিনিধি আৰু কৰ্মচাৰীৰ মাজত ব্যৱধান বৃদ্ধি হোৱাৰ আশংকা হৈছে । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষক ইয়াৰ উচিত তদন্ত কৰি তৎকালিনভাৱে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে কৰ্মচাৰী পৰিষদে দাবী জনাইছে । ইফালে বিধায়ক জয়ন্ত বসুমতাৰীয়ে আজি সংবাদ মাধ্যমৰ আগত কৰ্মচাৰীজনক প্ৰহাৰ কৰা নাই বুলি সদৰি কৰি বৰং কৰ্মচাৰীজনেহে তৰ্কত লিপ্ত হোৱা বুলি অভিযোগ কৰিছে ।

লগতে পঢ়ক :জনতা ভৱনত বিশেষভাৱে সক্ষম কৰ্মচাৰীক প্ৰহাৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details