গুৱাহাটী, 24 ডিচেম্বৰ: সাদিন-প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰত সাহিত্য, সংস্কৃতি তথা বিভিন্ন দিশত সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৪ গৰাকী ব্যক্তিক প্ৰতিদিন এচিভাৰ্চ এৱাৰ্ড (Sadin Pratidin Achievers Award 2021) প্ৰদান কৰা হয় । ইয়াৰে ভিতৰত ক্ৰীড়াত বক্সাৰ ভাগ্যৱতী কছাৰী আৰু ফিলাও বসুমতাৰী, বিজ্ঞান আৰু উদ্ভাৱন শাখাত গৱেষক বিনয় কুমাৰ শইকীয়া, সংগীতত জুবিন গাৰ্গ, সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট নাট্যকাৰ ৰতন থিয়াম, কলা শাখাত বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদলৈ এচিভাৰ্চ এৱাৰ্ড প্ৰদান কৰাৰ লগতে প্ৰান্তিক আলোচনীৰ প্ৰতিস্থাপক প্ৰদীপ বৰুৱালৈ সাদিন সাংবাদিকতা আৰু সাহিত্য বঁটা, বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙলৈ জীৱনজোৰা সাধনাৰ বঁটা আগবঢ়োৱা হয় ।
বঁটা প্ৰদান অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ ওম বিৰলা (Om Birla at Sadin Pratidin Achievers Award function) আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ লগতে অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেন উপস্থিত থাকে । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে, গণতন্ত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । স্বাধীনতা আন্দোলনৰ সময়তো মিডিয়াই গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । এতিয়াও মিডিয়াই ভূমিকা লৈ আছে ।