গুৱাহাটী, 17 মাৰ্চ :সমস্যাই লগ এৰা নাই বিতৰ্কিত আৰটিআই কর্মী দুলাল বৰাক ৷ আদালতৰ নিৰ্দেশ অৱমাননা কৰি নতুন সমস্যাৰ সন্মুখীন হ'ল দুলাল বৰা ৷ প্ৰশাসনে দুবাৰকৈ জাননী প্ৰেৰণ কৰাৰ পাচতো গুৰুত্ব নিদিয়াত কইনাধৰাস্থিত ভাড়া দোকানসমূহ ইখনৰ পাচত সিখন ভাঙি পেলায় মহানগৰ জিলা প্ৰশাসনে ৷
চৰকাৰী মাটি অবৈধভাৱে দখল কৰি দুলাল বৰাই নিৰ্মান কৰা এই দোকানসমূহত উঠাই ল'বলৈ আদালতে দুবাৰকৈ জাননী প্ৰেৰণ কৰিছিল ৷ কিন্তু আদালতৰ নিৰ্দেশক কোনো গুৰুত্ব প্ৰদান নকৰা বাবে অবৈধ দোকানসমূহ উচ্ছেদ কৰা হয় ৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লোক আৰু আৰক্ষীৰ দল উপস্থিত হৈ মঙলবাৰে জেচিবিৰে দোকানসমূহ ভাঙি পেলায় ৷