গুৱাহাটী, ২০ জুলাই :এলানি বিশেষ বৈঠকৰ কাৰ্যসূচী ল’বলৈ মঙলবাৰে গুৱাহাটীলৈ আহিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) সৰসংঘচালক মোহন ভাগৱত (Mohan Bhagwat) ৷ মঙলবাৰে তেওঁ, এলানি বৈঠকত অংশগ্ৰহণ কৰিব । মহানগৰীৰ আদিংগিৰিত থকা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)ৰ কাৰ্যালয়ত মঙলবাৰে সৰসংঘচালক গৰাকীয়ে পৰ্যায়ক্ৰমে তিনিখন বৈঠকত মিলিত হ‘ব বুলি সংগঠনটোৰ এক শীৰ্ষ সূত্ৰই জানিবলৈ দিছে ।
সূত্ৰটোৰ মতে, এই বৈঠকত সংঘৰ অসম ক্ষেত্ৰৰ পাঁচটা প্ৰান্ত ক্ৰমে উত্তৰ অসম প্ৰান্ত, দক্ষিণ অসম প্ৰান্ত, অৰুণাচল প্ৰান্ত, মণিপুৰ প্ৰান্ত আৰু নতুনকৈ গঠিত ত্ৰিপুৰা প্ৰান্তৰ সংঘচালক আৰু কাৰ্যবাহ সকলে অংশগ্ৰহণ কৰিব । তদুপৰি, আন এলানি বৈঠকত সংঘৰ বিবিধ সংগঠনসমূহৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰিব । জানিব পৰা মতে, এই বৈঠকত সংঘৰ সাংগঠনিক বিষয়ৰ আলোচনা হোৱাৰ উপৰি উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজত থকা সীমা বিবাদ, নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে চলা অভিযান আদিয়ে প্ৰাধান্য লাভ কৰিব ।