অসম

assam

ETV Bharat / city

মোডীৰ সভাত মানুহ অনাৰ বাবে বাহনৰ বাবদ ২৯.৩৫ কোটি টকা ব্যয় - কাৰ্বি আংলঙৰ প্ৰধানমন্ত্রীৰ সভা

ডিব্ৰুগড় আৰু কাৰ্বি আংলঙৰ প্ৰধানমন্ত্রীৰ সভাৰ বাবে বাছ-ছুমুকে ধৰি ৮,১৫০ খন যাত্রীবাহী বাহন অধিগ্ৰহণ চৰকাৰৰ (Expenditure on traveling to Modi's meeting)। মঙলবাৰৰ পৰা বৃহস্পতিবাৰলৈকে তিনিদিন ধৰি বাছৰ অভাৱত পণবন্দী সাধাৰণ যাত্রীসকল । মোদীৰ সভালৈ মানুহ অনাৰ বাবে ৮,১৫০খন যাত্রীবাহী বাহনৰ বাবদ ৰাজকোষৰ পৰা ব্যয় কৰা হৈছে ২৯ কোটি ৩৫ লাখ টকা ।

Modis meeting in Assam
Modis meeting in Assam

By

Published : Apr 28, 2022, 9:00 PM IST

গুৱাহাটী,২৮ এপ্রিল : এদিনীয়া ভ্রমণসূচীৰে বৃহস্পতিবাৰে ডিব্ৰুগড় আৰু কাৰ্বি-আংলং জিলাত তিনিটাকৈ কাৰ্যসূচীত ভাগ লৈ উভতি গ'ল দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী (PM Modi visits Assam)। লাখ লাখ লোকৰ সমাগম ঘটিল প্ৰধানমন্ত্রীয়ে সম্বোধন কৰা সভাত । কিন্তু প্রধানমন্ত্ৰীৰ এই এদিনীয়া কাৰ্যসূচীৰ বাবে মানুহ অনা-নিয়া কৰাৰ বাবদ ৰাজ্য চৰকাৰে ব্যয় কৰিলে প্ৰায় ২৯.৩৫ কোটি টকা (Expenditure on traveling to Modi's meeting)।

মোডীৰ সভাৰ বাবে অধিগ্ৰহণ কৰা বাছ

প্রধানমন্ত্ৰীয়ে অংশ ল’ব লগা জনসভাত ৰাইজৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে আনকি ডিব্ৰুগড় আৰু কাৰ্বি আংলং দুয়োখন জিলাতে স্থানীয় বন্ধও ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে । মোদীৰ সভাত মানুহ গোটোৱাৰ ক্ষেত্রত কোনো ত্রুটি নকৰিলে ৰাজ্য চৰকাৰখনে । সভালৈ ৰাইজৰ অহা-যোৱা নিশ্চিত কৰাৰ বাবে পৰিবহণ বিভাগে অধিগ্ৰহণ কৰিছিল সহস্রাধিক যাত্রীবাহী বাহন ।

মোডীৰ সভাৰ বাবে অধিগ্ৰহণ কৰা বাছ

ডিব্ৰুগড় আৰু কাৰ্বি আংলঙৰ সভাৰ বাবে পৰিবহণ বিভাগে বিভিন্ন জিলাৰ বাছ-ছুমুকে ধৰি ৮,১৫০খন যাত্রীবাহী বাহনৰ অধিগ্ৰহণ কৰাত ৰাজপথত হাহাকাৰ হৈছে সাধাৰণ যাত্রীৰ ।

প্রশাসনে অধিগ্রহণ কৰা বাহনসমূহ ডিব্ৰুগড়-কাৰ্বি আংলঙলৈ ৰাওনা হোৱাত গুৱাহাটী মহানগৰীকে ধৰি প্ৰতিখন চহৰৰে ৰাজপথৰ পৰা অন্তৰ্ধান হৈ পৰে দিবা-নৈশ বাছ, মেজিক, ছুমু, ট্ৰেভেলাৰকে ধৰি সকলো ধৰণৰ বাহন । এক কথাত মঙলবাৰৰ পৰা আজিলৈ তিনিদিন ধৰি বাছৰ অভাৱত সাধাৰণ যাত্ৰীসকল পণবন্দী হৈ পৰিছে । জানিব পৰা মতে গুৱাহাটী মহানগৰীৰ পৰা ৬০০ৰো অধিক চিটী বাছ অধিগ্ৰহণ কৰা হৈছে ।

মোডীৰ সভাত মানুহ অনাৰ বাবে বাহনৰ বাবদ ২৯.৩৫ কোটি টকা ব্যয়

শুনিলে আচৰিত যেন লাগিলেও সর্বসাধাৰণ যাত্ৰীক পণবন্দী কৰি প্ৰধানমন্ত্রী মোদীৰ সভালৈ মানুহ অনাৰ বাবে ৮,১৫০খন যাত্রীবাহী বাহনৰ বাবদ ৰাজকোষৰ পৰা ব্যয় কৰা হৈছে ২৯ কোটি ৩৫ লাখ টকা । ইয়াৰে ডিব্ৰুগড়ৰ সভাত ব্যৱহৃত ১,০০২ খন বাছৰ বিপৰীতে চৰকাৰে ভাৰা আদায় দিব লাগিব ৪,৭৩,৭১,৭৫৬ টকা । আনহাতে কাৰ্বি আংলঙৰ সভাত ব্যৱহাৰ হোৱা আল্ট্রা-ট্ৰেভেলাৰ, ছুমুসহ ৬,১৪৬ খন বাহনৰ বিপৰীতে ব্যয় হৈছে ২৩,৮৯,৬১,৪৮০ টকা ।

অসমত মোদী

অৰ্থাৎ সকলো মিলাই ৰাজকোষৰ পৰা ব্যয় কৰা হৈছে মুঠ ২৯.৩৫ কোটি টকা । বাহনৰ ভাড়াৰ বাবদ খৰছ কৰা হিচাপটো এনেধৰণৰ । অসম ৰাজ্যিক পৰিবহন নিগমৰ ১৯৭ খন গাড়ীৰ মুঠ ভাৰা ১,১৪,৮২,৮৭৪ টকা । সেইদৰে পৰিবহন নিগমৰ অধীনৰ ৮০৫ খন গাড়ীৰ ভাৰা ১,৫৮,৮৮,৯১২ টকা । আনহাতে ১৮৭১ খন আল্ট্ৰা গাড়ীৰ ভাৰা ১০,৭৩,৬০, ৬২১ টকা । ৮০৫ খন ট্ৰেভেলাৰ গাড়ীৰ মুঠ ভাৰা ৩,২৩,৩৮,১২৪ টকা । ৩০০০ খন মেজিক গাড়ীৰ মুঠ ভাৰা ৮,০২,৪১,৯১১ টকা । ৩০০ খন চুম' গাড়ীৰ মুঠ ভাৰা ৯২,৪৩,৪৪৮ টকা । ১৭০ খন ডিলাক্স গাড়ীৰ মুঠ ভাৰা ৯৭৭,৩৫৪ টকা ।

অসমত মোদী

এই হিচাপত অধিগ্ৰহণ কৰা মুঠ ৮১৫০ খন গাড়ীৰ মুঠ ভাৰা ২৯ কোটি ৩৪ লাখ ৯১ হাজাৰ ৫৬৭ টকা ।

মোডীৰ সভাত মানুহ অনাৰ বাবে বাহনৰ বাবদ ২৯.৩৫ কোটি টকা ব্যয়

অৰ্থাৎ প্ৰধানমন্ত্রীৰ সভালৈ মানুহ অনা-নিয়াৰ বাবদ ৰাজকোষৰ পৰা ওলাই গ'ল ২৯.৩৫ কোটি টকা । কেৱল ইমানেই নহয়, মোদীৰ সভালৈ অহা মানুহৰ খোৱা-বোৱাৰ বাবদো ব্যয় কৰা হৈছে বহু কোটি টকা । নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিত সৰ্বসাধাৰণ ৰাইজৰ জীৱন দুৰ্বিসহ হৈ পৰাৰ সময়তে এনেদৰে মানুহৰ সমাগমৰ বাবে ৰাজকোষৰ ধন ব্যয় কৰাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক :প্ৰধানমন্ত্ৰী আৰু ৰতন টাটাই যুটীয়াভাৱে মুকলি কৰিলে ৰাজ্যৰ 7 খন কৰ্কট সেৱা কেন্দ্ৰ

ABOUT THE AUTHOR

...view details