গুৱাহাটী, 29 জুলাই : মহানগৰীত চোৰৰ চাফাই অভিযান ৷ জানিব পৰা মতে জালুকবাৰী 37 নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত থকা কৃতিষ্মান হোটেলখনৰ গৰাকী তথা দক্ষিণ কামৰূপৰ বিজয়নগৰ বাটৰহাট নিবাসী বিমল নাথে লক্ ডাউনৰ বাবে প্ৰায় এমাহ ধৰি বন্ধ হৈ থকা হোটেল খন চাফ চিকুণ কৰাৰ বাবে খোলিবলৈ আহিছিল ।
লক্ ডাউনৰ মাজত জালুকবাৰীৰ হোটেলত চোৰৰ লুটপাত - বিমল নাথ
লক্ ডাউনৰ মাজতো মহানগৰীত চোৰৰ চাফাই অভিযান । মহানগৰীৰ জালুকবাৰীৰ এখন বন্ধ হোটেলত চুৰিকাণ্ড।
Robbery case in Guwahati
তেতিয়াই পোহৰলৈ আছে চোৰে তহিলং কৰা হোটেলখনৰ কথা । হোটেলখন বন্ধ হৈ থকাৰ সুযোগতে চোৰে পাছফালৰ ওপৰেৰে টিন খুলি লুটপাত চলায় । চোৰে তিনিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ, গেছৰ চুলা, চি চি কেমেৰা, মিউজিক চিষ্টেম, সমস্ত বাচন-বৰ্তন আৰু বহু সামগ্ৰী লৈ যায় । এই চুৰিকাণ্ড সন্দৰ্ভত স্বত্বাধিকাৰী বিমল নাথে জালুকবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে । চোৰে প্ৰায় 50 হাজাৰ টকাৰ সা-সামগ্ৰী লৈ যোৱা বুলি আৰক্ষীক জানিবলৈ দিয়ে স্বত্বাধিকাৰী বিমল নাথে ।