গুৱাহাটী,18 জুলাইঃমহানগৰীৰ ধাৰাপুৰৰ সমীপৰ মাজিৰিগাঁৱত বানাক্ৰান্ত লোকে অৱৰোধ কৰিলে ৰাজ্যিক পথ ! ধাৰাপুৰ-পলাশবাৰী সংযোগী ৰাজ্যিক পথ অৱৰোধ কৰিলে স্থানীয় বানাক্ৰান্ত লোকে। গড়ল পঞ্চায়তৰ একাংশ লোকে পথটোৰ দাঁতিত থকা নলাটো বন্ধ কৰি দিয়াত বানত বুৰ গৈছে মাজিৰিগাঁও পঞ্চায়তৰ মাজিৰিগাঁও,বৰুৱাপাৰা,ৰাজাপাৰা,হাতীপাৰা আদি গাঁও ৷
মহানগৰীৰ মাজিৰিগাঁৱত বানাক্ৰান্তৰ পথ অৱৰোধ - undefined
মাজিৰিগাঁৱত উত্তপ্ত পৰিস্থিতি ৷ বানাক্ৰান্ত অৱৰোধ কৰিলে ৰাজ্যিক পথ ৷ উপস্থিত আৰক্ষী,চি আৰ পিএফ,বীৰাংগনাৰ দল ৷
ফলত নলাটোৰ মুকলি কৰি দিয়াৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ক্ষোভিত ৰাইজে ৷ আনকি স্থানীয় লোকে উভতাই পঠিয়াই বান সাহায্যও। স্থানীয় লোকে বান সাহায্য নালাগে,নলা-নৰ্দমা মুকলি কৰি দিয়ক,আজাৰা চক্ৰ বিষয়া মুৰ্দাবাদ আদি ধব্বনিৰে উত্তাল কৰি তোলে মাজিৰগাঁৱৰ অঞ্চল। উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঘটনাস্থলীত আজাৰা আৰক্ষী,মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে অতিৰিক্ত জিলা উপায়ুক্ত খীতিশ পেগু উপস্থিত হয় ৷
অৱশেষত গুৱাহাটীৰ অতিৰিক্ত জিলা উপায়ুক্তৰ উপস্থিতিত পথচোৱা মুকলি কৰি দিয়া হয়। ক্ষোভিত ৰাইজে প্ৰায় ৪ ঘন্টা ধৰি বন্ধ কৰি ৰাখে ৰাজ্যিক পথছোৱা ৷ ফলত আৱদ্ধ হৈ পৰে বহু যানবাহন ।
TAGGED:
Road Block for flood