দক্ষিণ কামৰূপ,29 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে দক্ষিণ কামৰূপৰ উপৰহালীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন মটৰ চাইকেল আৰোহী ৷ উল্লেখ্য যে, শুকুৰবাৰে নিশা উপৰহালীৰ ঘাইপথত মটৰ চাইকেলেৰে যুৱকজনে আহি থকা অৱস্থাতে ডাম্পাৰ জাতীয় বাহন এখনে সমুখৰ পৰা খুন্দা মাৰে ৷ ডাম্পাৰৰ চকা যুৱকজনৰ মূৰৰ ওচৰেৰে উঠি যায় ৷ ফলত ঘটনাস্থনীতে নিহত হয় যুৱকজন ৷ ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত মৃতদেহটো থানালৈ যায় ৷ এইপৰ্যন্ত যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই ৷
দক্ষিণ কামৰূপ আৰু নুমলীগড়ত পথ দুৰ্ঘটনা, নিহত 2 - Road accident at Numaligarh
শুকুৰবাৰে দক্ষিণ কামৰূপৰ উপৰহালীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন মটৰ চাইকেল আৰোহী ৷ দক্ষিণ কামৰূপৰ সমান্তৰালকৈ নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ NRL ৰ মাৰ্কেটিং টাৰ্মিনেলৰত ভয়াবহ পথ দুৰ্ঘটনা । দুখন মটৰচাইকেলৰ মুখামুখী সংঘৰ্ষত থিতাতে নিহত এজন ৷

দক্ষিণ কামৰূপ আৰু নুমলীগড়ত পথ দুৰ্ঘটনা,নিহত 2
দক্ষিণ কামৰূপত পথ দুৰ্ঘটনা
গোলাঘাটঃ নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ NRLৰ মাৰ্কেটিং টাৰ্মিনেলৰতো ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুখন মটৰচাইকেলৰ মুখামুখী সংঘৰ্ষত থিতাতে নিহত এজন ৷ নিহত লোকজন পৰিক্ষিত দাস বুলি জানিব পৰা গৈছে ৷ ইয়াৰ উপৰিও দুৰ্ঘটনাটোত তিনিজন লোক আহত হয় ৷ আহত কেইজন ক্ৰমে মাধুৰ্য বুঢ়াগোহাঁই, যদুমনি দাস আৰু যোগেন বৰা । আহত কেইজনক ততাতৈয়াকৈ NRL ৰ বিবেকানন্দ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ আহত সকলৰ ভিতৰত যোগান বৰাৰ অৱস্থা শংকটজনক ।
নুমলীগড়ত পথ দুৰ্ঘটনা