অসম

assam

ETV Bharat / city

পৌৰ সভা নিৰ্বাচনত বি জে পিৰ জয়জয়কাৰ, কংগ্ৰেছ ধৰাশায়ী, নিৰ্দলীয়ৰ উত্থান - assam municipal election 2022

ৰাজ্যত এতিয়া বিজেপি দলৰ জয়জয়কাৰ । বুধবাৰে ঘোষিত পৌৰ সভাৰ নিৰ্বাচনৰ ফলাফল অনুযায়ী বি জে পি আৰু দলে বৃহৎ জয় সাব্যস্ত কৰি ৰাজ্যত বিজেপিৰ পুনৰ শক্তি প্ৰদৰ্শন কৰে। ইপিনে নিৰ্দলীয়ে প্ৰাৰ্থীয়ে পৌৰ সভাৰ নিৰ্বাচনত কংগ্ৰেছ দলতকৈ বেছি আসন লাভ কৰা ঘটনাই ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে (Independent candidates got more seats than Congress )৷

rise-of-independent-candidates-in-assam-municipal-election
পৌৰ সভা নিৰ্বাচনত বি জে পিৰ জয়জয়কাৰ, কংগ্ৰেছ ধৰাশায়ী, নিৰ্দলীয়ৰ উত্থান

By

Published : Mar 9, 2022, 8:13 PM IST

গুৱাহাটী, 9 মাৰ্চ :ৰাজ্যত এতিয়া বি জে পি দলৰ জয়জয়কাৰ (BJP won assam municipal election)। বুধবাৰে ঘোষিত পৌৰ সভাৰ নিৰ্বাচনৰ ফলাফল অনুযায়ী বি জে পি আৰু দলে বৃহৎ জয় সাব্যস্ত কৰি ৰাজ্যত বি জে পিৰ পুনৰ শক্তি প্ৰদৰ্শন কৰে। ইপিনে কংগ্ৰেছ দলে পৌৰ সভাৰ নিৰ্বাচনত শোচনীয়ভাবে পৰাজয়বৰণ কৰিছে। কিন্তু তাৰ বিপৰীতে নিৰ্দলীয়ে প্ৰাৰ্থীয়ে পৌৰ সভাৰ নিৰ্বাচনত কংগ্ৰেছ দলতকৈ বেছি আসন লাভ কৰা ঘটনাই ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে (rise of Independent candidates in assam municipal election)।

ৰাজ্যিক নিৰ্বাচন আয়োগে সদৰি কৰা তথ্য মতে পৌৰ সভাৰ নিৰ্বাচনত (assam municipal election 2022) মুঠ ৮০ খন পৌৰ সভাৰ ৭৭ খন বিজেপিয়ে , এখন কংগ্ৰেছ আৰু দুখন নিৰ্দলীয় দখল কৰিছে। ফলাফল অনুযায়ী মুঠ ৯৭৭ টা ৱাৰ্ডৰ ৭৫৯ টা ৱাৰ্ডত বি জে পি, ৭৬ টা ৱাৰ্ডত কংগ্ৰেছ আৰু ১৪১টা ৱাৰ্ডত নিৰ্দলীয় জয় লাভ কৰিছে। মন কৰিবলগীয়া যে পাটাছাৰকুছি পৌৰ সভাৰ এটা ৱাৰ্ডৰ ফলাফলকলৈ তদন্ত চলি থকাৰ বাবে এই ৱাৰ্ডটোৰ ফলাফল ঘোষণা স্থগিত আছে ।

উল্লেখ্য যে, ২০১৫ চনত অনুষ্ঠিত ৰাজ্যৰ পৌৰ সভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে ১৫০ টা ৱাৰ্ডত জয় সাব্যস্ত কৰিছিল। কিন্তু এইবাৰ ৰাজ্যৰ পৌৰ সভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে পূৰ্বে জয় সাব্যস্ত কৰা ৱাৰ্ডতকৈ আধা ৱাৰ্ডত জয় সাব্যস্ত কৰাত ব্যৰ্থ হয়। কংগ্ৰেছে মাত্ৰ নাৰায়ণপুৰ পৌৰসভাত পাঁচটা ৱাৰ্ডত বিজয় সাব্যস্ত কৰি নাৰায়ণপুৰ পৌৰসভাখন দখল কৰি কংগ্ৰেছৰ সম্মান ৰক্ষা কৰে। ইপিনে মৰিয়নী আৰু পাঠশালাত নিৰ্দলীয় প্ৰাৰ্থীৰ সফলতা ।

মৰিয়নীত ১০খন আসনৰ ৮ খন আৰু পাঠশালাৰ ১০খন আসনৰ ৫খন আসনত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়লাভ কৰে। হাইলাকান্দি পৌৰ সভাত নিৰ্দলীয়ৰ বৃহৎ জয় । ১৬টা ৱাৰ্ডৰ ১০ তাত জয় হয় নিৰ্দলীয় প্ৰাৰ্থী । আকৌ আপৰ প্ৰাৰ্থীয়ে তিনিচুকীয়া আৰু লখিমপুৰৰ এটাকৈ ৱাৰ্ডত বিজয় ধ্বজ্যা উৰুৱাই। আনহাতে পৌৰ সভাৰ নিৰ্বাচনত ৭টা ৱাৰ্ডত বিজয়েৰে সংসদৰ ৰাজনীতিত আনুষ্ঠানিক প্ৰৱেশ কৰে অসম জাতীয় পৰিষদে ।

জাতীয় পৰিষদৰ টিকটত নামৰূপৰ ৯নং ৱাৰ্ডত, ৰহাৰ ৯ নং ৱাৰ্ডত , পাটাছাৰকুছিৰ ১নং ৱাৰ্ডত , চাপৰৰ ৬ নং ৱাৰ্ডত , পলাশবাৰীৰ ৫ নং ৱাৰ্ডত আৰু ১০ নং ৱাৰ্ডত বিজয় সাব্যস্ত কৰে৷ মন কৰিবলগীয়া যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সমষ্টি নাজিৰাত কংগ্ৰেছ ধূলিস্যাৎ হয়। অখিল গগৈৰ সমষ্টিত শিৱসাগৰত ৰাইজৰ দলৰ ফলাফল শোচনীয় হয়। উল্লেখ্য যে এইবাৰ পৌৰ সভা নিৰ্বাচনত ৯৭৭ ৱাৰ্ডৰ ভিতৰত বি জে পি ৮২৫ টা , অগপ ২৪৩ টা , কংগ্ৰেছ ৭০৬ টা, আৰু অজাপ , ৰাইজৰ দল আৰু নিৰ্দলীয় মিলি ৭৫৮ টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। যোৱা ৬ মাৰ্চত অনুষ্ঠিত পৌৰ সভাৰ নিৰ্বাচনত ৭০ শতাংশ ভোটদান হৈছিল।
লগতে পঢ়ক :গুৱাহাটীস্থ DS গ্ৰুপৰ কাৰ্যালয়ত মুম্বাই আৰক্ষীৰ তলা

ABOUT THE AUTHOR

...view details