গুৱাহাটী, ২২ এপ্ৰিল :অসমৰ ৰাজনীতিত আম আদমী পাৰ্টীৰ উত্থানে (Rise of AAP in Assam) এই মূহুৰ্তত বিশেষ চৰ্চা লাভ কৰাৰ সময়তে প্ৰশ্ন উঠিছে এই নতুন ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ সংযোজনে আচলতে কাক ক্ষতিগ্ৰস্ত কৰিব, বিজেপিক নে কংগ্ৰেছক ? উল্লেখ্য যে, শুকুৰবাৰে পুৱাৰে পৰা ভোট গ্ৰহণ হৈ থকা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আপ দলটো কাৰ্যতঃ শাসকীয় দল বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দ্বী হৈ আত্মপ্ৰকাশ কৰিছে ।
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ মুঠ ৬০ টা ৱাৰ্ডৰ ৩ টা ৱাৰ্ডত ইতিমধ্যে শাসকীয় দল বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে । বাকী আন ৫৭ টা ৱাৰ্ডৰ ৩৯ টাতে প্ৰাৰ্থী আগবঢ়োৱা আপে কেইবাটাও সমষ্টিত বিজেপি প্ৰাৰ্থী সকলৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । উদাহৰণস্বৰূপে শাসকীয় দল বিজেপিৰ ২৯ নং ৱাৰ্ডৰ প্ৰাৰ্থী মৃগেন শৰণীয়াক প্ৰত্যাহ্বান জনাইছে আপৰ প্ৰাৰ্থী দিতুল বৰুৱাই ।
একেদৰে, আন কেইবাটাও সমষ্টিত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ সলনি তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আপে । উদাহৰণ স্বৰূপে ৱাৰ্ড নম্বৰ ৭,১৪, ১৫, ১৬,১৯,২০,২৬ আদি ৱাৰ্ডত আপে বিজেপি প্ৰাৰ্থী কেইগৰাকীক তীব্ৰ প্ৰত্যাহ্বান জনাইছে (AAP BJP fight in GMC election 2022) । অতি লক্ষণীয়ভাৱে এনে পৰিস্থিতিত এক কথাত প্ৰতিদ্বন্দিতাৰ ৰাজনীতিৰ পৰা আঁতৰি গৈছে কংগ্ৰেছ আৰু আন বিৰোধী দল সমূহ ।
পৌৰ নিগমৰ নিৰ্বাচনত আপৰ হাতলৈ আসন যাব নে নাই সেয়া নিশ্চিত হ'ব ২৪ এপ্ৰিলত হ'ব লগা ভোট গণনাৰ পাছত । কিন্তু আজিৰ ভোট গ্ৰহণৰ আগতেই বিজেপিয়ে এই নিৰ্বাচনটোত প্ৰধান শত্ৰু হিচাবে চিহ্নিত কৰিছে 'আপ'ক । বৃহস্পতিবাৰে বিজেপি নেতা তথা মন্ত্ৰী পীযুষ হাজৰিকাই আপৰ বিৰুদ্ধে এক সংবাদ মেল সম্বোধন কৰিছিল ৷