গুৱাহাটী, 3 ছেপ্তম্বৰ :2021 ত কংগ্ৰেছৰ চৰকাৰ আহিলে এক সপ্তাহৰ ভিতৰতেই কা আন্দোলনত জড়িত লোকৰ ওপৰত থকা সকলো গোচৰ উঠাই ল’ব কংগ্ৰেছে ৷ বৃহস্পতিবাৰে ৰাজীৱ ভৱনত আয়োজন কৰা এক সংবাদমেলত এই কথা ঘোষণা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷
বৃহস্পতিবাৰৰ সংবাদমেলত ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা বৰাৰ‘‘চৰকাৰ এতিয়া বিত্তীয় সংকটত ভুগিছে, সেইকাৰণে ক’ভিড আক্ৰান্তৰ পৰা বিল লোৱাৰ কথা ঘোষণা কৰিছে ৷ বিত্তীয় সংকট যদি সঁচাকৈয়ে হৈছে তেন্তে চৰকাৰে হোৱাইট পেপাৰ প্ৰস্তুত কৰক । নামঘৰলৈ অনুদান, অৰুণোদয় আঁচনি এইবোৰত টকা কেনেকৈ আহিব, সেইয়া হোৱাইট পেপাৰৰ জৰিয়তে অসমৰ ৰাইজক অৱগত কৰক ।’’
আনহাতে কৰ’ণা প্ৰসংগকলৈও স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা ৰিপুণ বৰাৰ ৷ বিধানসভাত দুদিন পূৰ্বে কৰ’ণাৰ চিকিৎসা বিনামূলীয়া হ’ব বুলি কৈছিল স্বাস্থ্য মন্ত্ৰীয়ে । কিন্তু তাৰ পাছতেই চৰকাৰে ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে বিল ল’ব বুলি ঘোষণা কৰা প্ৰসংগটো দুৰ্ভাগ্যজনক ৷ সমান্তৰালভাৱে হাস্পতালত অক্সিজেন যোগান দিয়া প্ৰতিষ্ঠানসমূহক ধন দিব নোৱাৰা বাবেই হাস্পতালত অক্সিজেনৰ অভাৱ দেখা গৈছে বুলিও সমালোচনা ৰিপুণ বৰাৰ ৷