অসম

assam

ETV Bharat / city

Ripun Bora opposes RIIMS application: শিক্ষককসকলক চৰকাৰে গিনিপিক সজাইছে ! - প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি

ৰাজ্য চৰকাৰে বিদ্যালয়ৰ শিক্ষকসকলৰ বাৰে প্ৰৱৰ্তন কৰা RIIMS এপ্লিকেশ্যনৰ ঘোৰ বিৰোধিতা কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই(Ripun Bora opposes RIIMS application) ৷ এখন সংবাদমেল সম্বোধন কৰি ৰিপুন বৰাই কয় যে, RIIMS এপ্লিকেশ্যনৰ জৰিয়তে ৰাজ্য চৰকাৰে শিক্ষককসকলক গিনিপিক সজাইছে ।

RIIMS এপ্লিকেশ্যনৰ ঘোৰ বিৰোধিতা  ৰিপুণ বৰাৰ
RIIMS এপ্লিকেশ্যনৰ ঘোৰ বিৰোধিতা ৰিপুণ বৰাৰ

By

Published : Dec 27, 2021, 6:25 PM IST

গুৱাহাটী, 27 ডিচেম্বৰ: ৰাজ্যৰ বিদ্যালয়ৰ শিক্ষকসকলক RIIMS এপ্লিকেশ্যনৰ জৰিয়তে বিদ্যালয়ত উপস্থিতি দিয়াৰ বাধ্যতামূলক কৰা ব্যৱস্থাই শিক্ষকসকলক হাৰাশাস্তি কৰিছে । সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই এই মন্তব্য কৰে (Ripun Bora opposes RIIMS application) । তেওঁ কয়, ৰাজ্য চৰকাৰে ৰাজ্যৰ শিক্ষককসকলক RIIMS এপ্লিকেশ্যনৰ জৰিয়তে গিনিপিক সজাইছে ।

বি জে পি চৰকাৰে শিক্ষকসকলৰ প্ৰতি অন্যায় কৰিছে, অপমান কৰিছে । ৰিপুণ বৰাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত টোগলকী চৰকাৰ চলিছে (Ripun Bora criticizes BJP Government of Assam) । পূৰ্বতেও পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰে ৰাজ্যৰ চাৰিখন জিলাৰ বিদ্যালয়ৰ শিক্ষকসকলক RIIMS এপ্লিকেশ্যনৰ জৰিয়তে বিদ্যালয়ত উপস্থিতি দিয়াৰ বাবে পাইলট প্ৰজেক্ট আৰম্ভ কৰিছিল । কিন্তু সেয়া পিছত ব্যৰ্থ হৈছিল ।

RIIMS এপ্লিকেশ্যনৰ ঘোৰ বিৰোধিতা ৰিপুণ বৰাৰ

তেওঁ কয় যে RIIMS এপ্লিকেশ্যনে বিদ্যালয়ত প্ৰধান শিক্ষকৰ প্ৰতি থকা বিশ্বাস নোহোৱা কৰিছে । ইন্টাৰনেট নথকা ঠাইত এই এপ্লিকেশ্যনে কাম নকৰে । তদুপৰি এই এপ্লিকেশ্যনে শিক্ষকৰ গোপনীয়তা ভংগ কৰিব ।

সেয়েহে, ৰিপুণ বৰাই এই RIIMS এপ্লিকেশ্যনে কিদৰে বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষককসকলক দক্ষ আৰু নিয়মানুৱৰ্তী কৰি গঢ়ি তোলাত সহায় কৰিব তাকে লৈ ৰাজ্য চৰকাৰক এপ্লিকেশ্যনটোৰ সম্পৰ্কত শ্বেতপত্ৰ প্ৰকাশ কৰাৰ দাবী জনায় ।

লগতে শেহতীয়াভাৱে ঘোষিত টেট পৰীক্ষাৰ ফলাফল পুনৰীক্ষণ কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ৰাজ্য চৰকাৰক দাবী জনায় ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত মোবাইল এপ্লিকেশ্যন ব্যৱহাৰ কৰিবলৈ অক্ষম হৈ বিদ্যালয়খনৰে এটা শ্ৰেণীকোঠাত আত্মহত্যা কৰা(Headmaster Committed suicide)ৰ অভিযোগ উত্থাপিত হৈছিল ।

লগতে পঢ়ক:Guwahati school girl suicide case : মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details