গুৱাহাটী, 1 জানুৱাৰী : গুৱাহাটীত চিটীবাছৰ ভাড়াৰ ক্ষেত্ৰত চলি থকা খেলিমেলি শীঘ্ৰে সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই । জানিব পৰা মতে, চিটীবাছৰ মালিক পক্ষই শেহতীয়াভাৱে নিজে চিটীবাছৰ ভাড়া নিৰ্দ্ধাৰণ কৰি গুৱাহাটীত যাত্ৰীৰ পৰা অতিৰিক্ত ভাড়া আদায় কৰি যাত্ৰীক হাৰাশাস্তি কৰি থকাৰ বিভিন্ন অভিযোগ উত্থাপিত হৈ আছে ।
উল্লেখ্য যে, কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে কিছুবছৰ পূৰ্বে Assam govt. notification No TMV 195/2010/217 অনুযায়ী মহানগৰ জিলাৰ বিভিন্ন পথত চলাচল কৰা চিটি বাছৰ ভাড়াৰ সৰ্বনিম্ন ভাড়া ৭ টকা নিৰ্ধাৰণ কৰিছিল । তালিকা অনুযায়ী কাছাৰীৰ পৰা লখৰালৈ 13 নং পথত চলা চিটি বাছৰ ক্ষেত্ৰত কাছাৰীৰ পৰা বেতকুছি আৰু লখৰা চাৰিআলিলৈ 15 টকা ভাড়া, কাছাৰীৰ পৰা পল্টনবজাৰ, ৰিহাবাৰী তিনিআলিলৈ ৭ টকা, কাছাৰীৰ পৰা বিৰুবাৰী তিনিআলি, চাইকেল ফেক্টৰীলৈ 8 টকা, কাছাৰীৰ পৰা ক'লনি বজাৰ, বেটেলিয়ান গেট, জ্যোতিকুছি আৰু লালগণেশলৈ 12 টকা ভাড়া নিৰ্ধাৰণ কৰিছিল ।
গুৱাহাটীত চিটীবাছৰ নতুন ভাড়া নিৰ্দ্ধাৰণ হ'ব আনহাতে লংকেশ্বৰৰ পৰা ফৰেষ্টগেটলৈ 18 নং পথত চলাচল কৰা চিটি বাছৰ ক্ষেত্ৰত লংকেশ্বৰৰ পৰা ভৰলুমুখলৈ 12 টকা, কাছাৰীলৈ 15 টকা , চানমাৰিলৈ 18 টকা, ফৰেষ্টগেটলৈ 21 টকা ভাড়া নিৰ্ধাৰণ কৰিছিল । চাৰ্চফিল্ডৰ পৰা খানাপাৰালৈ 23 নং পথত চলাচল কৰা চিটি বাছৰ ক্ষেত্ৰত চাৰ্চফিল্ডৰ পৰা উলুবাৰী 7 টকা , এ বি চিলৈ 8 টকা, ডাউনটাউন লৈ 12 টকা আৰু খানাপাৰলৈ 15 টকা ভাড়া নিৰ্ধাৰণ কৰিছিল । ইপিনে গড়পাণ্ডুৰ পৰা বশিষ্ঠ চাৰিআলি লৈ 23 টকা, ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাঞ্জাবাৰীলৈ 23 টকা ভাড়া নিৰ্ধাৰণ কৰিছিল। মহানগৰীৰ আন আন পথত চলাচল কৰা চিটীবাছৰ ভাড়াৰ নিৰিখ নিৰ্ধাৰণ কৰিছিল ।
কিন্তু চিটীবাছৰ মালিক পক্ষই শেহতীয়াভাৱে এই ভাড়াৰ নিৰিখৰ বিপৰীতে নিজাকৈ নতুন ভাড়ালৈ নিৰিখ নিৰ্ধাৰণ কৰিছে বুলি কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই কয় । লগতে তেওঁ কয় যে জিলা পৰিবহন বিভাগে চিটীবাছৰ মালিক পক্ষৰ এই ভাড়া নিৰিখ মানি লোৱা নাই । শীঘ্ৰে চিটীবাছৰ নতুনকৈ ভাৰসাম্য ভাড়া নিৰিখ নিৰ্ধাৰণ কৰা হ'ব আৰু চিটীবাছৰ ভাড়ালৈ ক্ষেত্ৰত এক ভাৰসাম্য অনাৰ ক্ষেত্ৰত চেষ্টা কৰা হ'ব (Revised city bus fares for Guwahati mooted) । যাতে চিটীবাছৰ মালিক পক্ষই আৰু যাত্ৰীৰ মাজত ভুল বুজাবুজি নহয় বুলি কয় উপায়ুক্ত গৰাকীয়ে ৷
লগতে পঢ়ক :SI Sanjib Kumar Died : বাটলা হাউচ এনকাউণ্টাৰৰ চৰ্চিত আৰক্ষী জোৱান সঞ্জীৱ কুমাৰ লোচনৰ মৃত্যু