অসম

assam

ETV Bharat / city

আকৌ হুৰহুৰকৈ কমিছে APDCL ৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ

জুন মাহৰ পৰা হ্ৰাস পাবলৈ আৰম্ভ কৰে ৰাজহ সংগ্ৰহৰ পৰিমাণ ৷ লক্ষ্য অতিক্ৰম কৰাটো দূৰৈৰে কথা, নিৰ্দ্ধাৰিত লক্ষ্যতো উপনীত হ'ব পৰা নাই APDCL ৷ জুন মাহটোত বিভাগটোৰ ৰাজহ সংগ্ৰহৰ হাৰ আছিল 91.08 শতাংশ ৷

By

Published : Sep 13, 2022, 9:39 AM IST

Updated : Sep 13, 2022, 10:48 AM IST

অকৌ হুৰহুৰকৈ কমিছে APDCL ৰ ৰাজহ সংগ্ৰহৰ পৰিমাণharat
অকৌ হুৰহুৰকৈ কমিছে APDCL ৰ ৰাজহ সংগ্ৰহৰ পৰিমাণBharat

নিউজ ডেস্ক, 13 ছেপ্টেম্বৰ:দীৰ্ঘদিনীয়া লোকচানৰ কৱলত পৰি ক্ৰমাৎ কঁকাল বেকা হ'বলৈ ধৰা ৰাজ্যৰ শক্তি বিভাগৰ অধীনস্থ APDCL কেইটামান মাহৰ পূৰ্বে লাহে লাহে পোন হৈ থিয় দিবলৈ সক্ষম হৈছিল যদিও শেহতীয়াকৈ পুনৰ হ্ৰাস পাইছে ৰাজহ সংগ্ৰহৰ পৰিমাণ (Revenue Collection) ৷

ঠিক যেন বিভাগটোৰ মন্ত্ৰী সলনি হোৱাৰ লগে লগে হ্ৰাস পালে ৰাজহ সংগ্ৰহো ! অনস্বীকাৰ্য যে বিভাগটোৰ পূৰ্বৰ মন্ত্ৰী বিমল বৰাই দায়িত্ব লোৱাৰ পিছতে APDCL ৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ ভালেখিনি বৃদ্ধি হৈছিল ৷ কোনোবাটো মাহত ৰাজহ সংগ্ৰহৰ পৰিমাণ নিৰ্দ্ধাৰিত লক্ষ্য অতিক্ৰম কৰিবলৈও সক্ষম হৈছিল ৷ উদাহৰণ স্বৰূপে বিগত মে' মাহত APDCL ৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ আছিল 108.03 শতাংশ ৷

অৰ্থাৎ নিৰ্দ্ধাৰিত লক্ষ্যতকৈও অধিক পৰিমাণৰ ৰাজহ সেই মাহটোত APDCL এ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছিল ৷ সেই মাহটোৱেই অছিল শক্তি মন্ত্ৰী হিচাপে বিমল বৰাৰ (Minister Bimal Bora) অন্তিম মাহ ৷ মে' মাহত APDCL ৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য আছিল 566 কোটি টকা ৷ কিন্তু সেই মাহটোত ৰাজহ সংগ্ৰহ হৈছিল 613 কোটি টকা ৷

ইয়াৰ পিছতেই শক্তি বিভাগৰ মন্ত্ৰীৰূপে অধিষ্ঠিত হয় নন্দিতা গাৰ্লোচা (Power Minister Nandita Garlosa) ৷ লক্ষণীয়ভাৱে জুন মাহৰ পৰা হ্ৰাস পাবলৈ আৰম্ভ কৰে ৰাজহ সংগ্ৰহৰ পৰিমাণ ৷ লক্ষ্য অতিক্ৰম কৰাটো দূৰৈৰে কথা, নিৰ্দ্ধাৰিত লক্ষ্যতো উপনীত হ'ব পৰা নাই APDCL ৷ জুন মাহটোত বিভাগটোৰ ৰাজহ সংগ্ৰহৰ হাৰ আছিল 91.08 শতাংশ ৷

কেৱল জুনেই নহয়, বিগত জুলাই মাহতো হ্ৰাস পাইছে APDCL ৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ ৷ 98.08 শতাংশ ৰাজহহে জুলাই মাহটোত APDCL এ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ বিভাগটোৰ মন্ত্ৰী সলনি হোৱাৰ লগে লগে যে কেৱল ৰাজহ সংগ্ৰহেই হ্ৰাস পাইছে তেনে নহয়, বিদ্যুৎ কৰ্তনৰ মাত্ৰাও পূৰ্বতকৈ এতিয়া বহু পৰিমাণে বৃদ্ধি পাইছে ৷

লগতে পঢ়ক:APDCL employees Protest: বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীত কোকৰাঝাৰত প্ৰতিবাদ

Last Updated : Sep 13, 2022, 10:48 AM IST

ABOUT THE AUTHOR

...view details