গুৱাহাটী/মঙলদৈ, ১৬ অক্টোবৰ: লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক ড৹ নবীন চন্দ্ৰ শৰ্মা আৰু নাই (Dr. Nabin Chandra Sharma passes away) । দেওবাৰে বিয়লি ৪.৪৫ বজাত তেওঁ গুৱাহাটীৰ দুৰ্গাসৰোবৰস্থিত নিজ বাসগৃহত শেষ-নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ ।
অসমীয়া লোক সংস্কৃতি গৱেষণাৰ অন্যতম পুৰোধা গৱেষক আছিল ড৹ নবীন চন্দ্ৰ শৰ্মা । ১৯৩৮ চনত দৰঙ জিলাৰ ছিপাঝাৰৰ হাজৰিকাপাৰা গাঁৱত জন্ম হৈছিল বিশিষ্ট গৱেষকগৰাকীৰ । দৰং জিলাৰ ছিপাঝাৰৰ অঞ্চলৰ হাজৰিকাৰপাৰা গাঁৱতে তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰি ছিপাঝাৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় । তাৰ পিছত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ (Arya Vidyapeeth College) পৰা স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি বিভাগৰ অধ্যাপক আছিল তেওঁ । সমৃদ্ধশালী সৃষ্টিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা ড৹ নবীন চন্দ্ৰ শৰ্মাৰ মৃত্যুত অসমৰ বৌদ্ধিক মহলত গভীৰ শোকৰ ছাঁ পৰিছে । অসমীয়া সাহিত্যৰ আলোক ৰেখা, অসমীয়া ভাষা আৰু সাহিত্যৰ ৰূপৰেখা, পুৰণি অসমীয়া সাহিত্যৰ আলোক ৰেখা, অসমীয়া পাচালি সাহিত্য, অসমীয়া লোক-সংস্কৃতি আভাস, অসমৰ ওজাপালি, দৰং ৰাজবংশাৱলী, আদি দশম, শিৱপুৰাণ, কালিপুৰাণ আৰু অসমীয়া মদ্ভাগৱত পুৰাণ আদি তেওঁ ৰচনা কৰা উল্লেখযোগ্য গৱেষণামূলক গ্ৰন্থ ।
অসম সাহিত্য সভাই তেওঁক সাহিত্য মহীয়ান সন্মানেৰে সন্মানিত কৰিছিল । লোক সংস্কৃতিৰ এইগৰাকী আজীৱন সাধকক দুৰ্গাবৰ বৰকটকী বঁটা, সীতানাথ ব্ৰহ্ম চৌধুৰী বঁটা, ভাৰতীয় ভাষা সাহিত্য বঁটা, শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা, শিল্পী বায়ন বঁটা আদি বিভিন্ন সন্মানেৰে সন্মানিত কৰা হৈছিল । মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুই পুত্ৰৰ লগতে ভালেসংখ্যক আত্মীয়-স্বজন এৰি থৈ গৈছে ।