গুৱাহাটী, 5আগষ্ট:আগন্তুক ২ অক্টোবৰৰ পৰা মিচন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ’ব (Mission Basundhara scheme) ৷ এই আঁচনিৰ অধীনত গুৱাহাটীবাসীয়ে লাভ কৰিব ভূমিৰ পট্টা ৷ এই কথা সদৰি কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan) ৷ বৃহস্পতিবাৰে নুনমাটিত পূৱ গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি দিয়া ভাষণত মন্ত্ৰী গৰাকীয়ে গুৱাহাটীক বাদ দি মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ অধীনত ৰাজ্যৰ প্ৰায় দুই লাখ লোক উপকৃত হৈছে বুলি মন্তব্য কৰে ৷
কিন্তু এইবাৰ দ্বিতীয় পৰ্যায়ত গুৱাহাটীৰ চৰকাৰী ভূমিত দীৰ্ঘদিন ধৰি বসবাস কৰি থকা খিলঞ্জীয়া বাসিন্দাসকলক মাটিৰ পাট্টা প্ৰদান কৰা হ’ব বুলি তেওঁ ব্যক্ত কৰে ৷ প্ৰসংগ ক্ৰমে, মন্ত্ৰীগৰাকীয়ে নুনমাটিৰ চূনচালি গ্ৰান্টত বিগত ৫০/৬০ বছৰ ধৰি বসবাস কৰি থকা প্ৰায় ১২হাজাৰ পৰিয়ালক মিছন বসুন্ধৰা আচনিৰ অধীনত সামৰি লোৱা হ’ব বুলিও জানিবলৈ দিয়ে ৷
লগতে চুনচালি গ্ৰাণ্টৰ ভূমি পট্টাৰ প্ৰাৰম্ভিক কামকাজ খৰটকীয়া কৰাৰ বাবে প্ৰয়োজন হোৱা মণ্ডল অন্য ৰাজহ চক্ৰৰ পৰা অনা হ’ব বুলিও ৰাইজক আস্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইফালে মণ্ডল কাননৰ দুৰ্নীতি সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত এই সন্দৰ্ভত অভিযোগ পোৱা মাত্ৰকেই ব্যৱস্থা গ্ৰহণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে কয় ৷
ইতিমধ্যে কেইবাজনো মণ্ডলক নিলম্বন কৰা হৈছে ৷ সেয়হে ৰাইজক মধ্যভোগী দালাল তথা ২ নম্বৰী ব্যক্তিৰ পৰা সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনায় ৷ তেওঁ লগতে কয় সাধাৰণ নাগৰিকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক বিধানসভা অধিৱেশনত ভূমি সম্পৰ্কীয় আইন উত্থাপন কৰা হ’ব ৷
ইয়াত চৰকাৰী ভূমিত পূৰ্বতে ২০ বছৰ বাস লোকক পট্টা দিয়াৰ ব্যৱস্থা আছিল যদিও এইবাৰ চহৰাঞ্চলৰ ১০বছৰ বাস কৰিলেই পট্টা দিয়াৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে ৷ আনকি পূৰ্বতে চৰকাৰে গ্ৰহণ কৰা নীতি অনুসৰি ভূমি পট্টা লাভ কৰা গৰাকীয়ে চৰকাৰক দিবলগীয়া ভূমিৰ নিৰিখৰ পৰিমাণো কিছু হ্ৰাস কৰাৰ চিন্তা চৰ্চা কৰি থকা বুলিও সভাত সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷