গুৱাহাটী, ৩১ মে’:বহু চৰ্চিত প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ কিস্তিৰ ধন প্ৰদান প্ৰক্ৰিয়া মঙলবাৰৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছে (kisan samman nidhi)। এই অভিলাসী প্ৰকল্পৰ একাদশতম কিস্তি হ'ব এইবাৰৰ দুহেজাৰ টকা । প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি পি এম কিষাণ নিধিৰ এই একাদশ কিস্তিৰ ধনৰ প্ৰদান পৰ্বৰ আজি শুভাৰম্ভণি হৈছে হাৰিয়ানা আৰু চিকিমত । পৰ্যায়ক্ৰমে এই আচঁনিৰ ধন সোমাব অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকৰ বেংক একাউণ্টটো ।
মনকৰিবলগীয়া যে, ২০১৮ চনৰ পৰা আৰম্ভ হোৱা পি এম কিষাণ নিধিৰ অধীনত প্ৰকৃত কৃষকক বছৰি ছয় হাজাৰকৈ টকা দি অহা হৈছে । তিনিটা কিস্তিত এই টকা পঞ্জীয়নভুক্ত কৃষকক দি অহা হৈছে । ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে দেশৰ ১৪.৫ কোটি কৃষকক এই আঁচনিৰে সামৰিব বিচাৰিছিল যদিও সেয়া সম্ভৱ হৈ উঠা নাছিল । আঁচনিয়ে সামৰিছিল মাত্ৰ ৬.৮ কোটি কৃষককহে ।
আনহাতে ২০১৮-১৯ আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এই আচঁনিৰ বিপৰীতে ৯৫০০০ কোটি টকা নিৰ্ধাৰণ কৰিছিল যদিও ব্যয় হৈছিল মাত্ৰ ৪৮০০০ কোটি টকা । অৰ্থাৎ চৰকাৰে এই আঁচনিৰে প্ৰকৃত কৃষকক সামৰি ল'ব পৰা নাছিল ।
পি এম কিষাণ নিধি ৰূপায়নৰ ক্ষেত্ৰত দেশৰ ভিতৰতে বৃহৎ কেলেংকাৰী সংঘটিত হৈছিল অসমত । অভিযোগ অনুসৰি কেৱল ৰাজনৈতিক স্বাৰ্থত এই আঁচনিৰে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে কৃষি বিভাগৰ দ্বাৰা পঞ্জীয়ন কৰাইছিল লক্ষ লক্ষ অ-কৃষকক । ২০২১ চনৰ আগষ্ট মাহত অনুষ্ঠিত অসম বিধানসভাৰ অধিবেশনত কৃষি মন্ত্ৰী অতুল বৰাই দাঙি ধৰা তথ্য অনুসৰি এই আঁচনিৰে অসমৰ ২৩,৩৩,৮৬৪ জন কৃষকক সামৰি লৈছে । কিন্তু পিছলৈ এই কথা স্পষ্ট হৈছিল যে এই সংখ্যক কৃষকৰ মাজৰ ১১.৭২ লাখেই আছিল অ-কৃষক ।