গুৱাহাটী, 6 জুলাই: পবিত্ৰ ঈদ-উজ-জোহাৰ পূৰ্বে অসমৰ অসমত বসবাস কৰা মুছলমান সম্প্ৰদায়ৰ পাঁচটা উপ-গোটক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিলে অসম কেবিনেটে (Assamese Muslims recognised as a distinct indigenous community)। মুছলমান সম্প্ৰদায়ৰ গৰিয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দসকলক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিয়া হৈছে । ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তকলৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ৭টা উপগোট/সমিতিৰ পৰামৰ্শ অনুসৰি উক্ত পাঁচটা অসমীয়া মুছলমান উপ-গোটক খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে চিহ্নিত কৰাত কেবিনেটে অনুমোদন জনায় । ৰাজ্য চৰকাৰৰ এই পদক্ষেপে অসমীয়া খিলঞ্জীয়া মুছলমানসকলৰ স্বাস্থ্য সেৱা, সাংস্কৃতিক পৰিচয়, শিক্ষা, বিত্তীয় অন্তর্ভুক্তি, দক্ষতা বিকাশ আৰু মহিলা সৱলীকৰণৰ ক্ষেত্রত সর্বাংগীণ বিকাশ নিশ্চিত কৰিব বুলি আশা কৰা হৈছে (Development of Assamese Muslims)।
বিগত এপ্ৰিল মাহত খিলঞ্জীয়া অসমীয়া মুছলমান সকলৰ সামগ্ৰিক বিকাশ আৰু উন্নয়ন সাধনৰ ক্ষেত্রত বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়াবলৈ অসম চৰকাৰে গঠন কৰি দিয়া ৭খন উপ সমিতিয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছিল ।
বিশিষ্ট সাংবাদিক আৰু লেখক ৱাজবিৰ হুছেইনৰ নেতৃত্বত সাংস্কৃতিক পৰিচয় বিষয়ক উপ-সমিতিয়ে অসমীয়া মুছলমান সমাজৰ অনন্য সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে কেইবাটাও পৰামৰ্শ আগবঢ়াইছিল । এই উপ-সমিতিয়ে ৰাজ্য চৰকাৰক এক চৰকাৰী জাননী জাৰি কৰি অসমীয়া মুছলমানসকলক ৰাজ্যখনৰ এক থলুৱা অসমীয়া-ভাষী সম্প্ৰদায় হিচাপে স্বীকৃতি দিবলৈ পৰামৰ্শ আগবঢ়াইছিল । চৰকাৰী অধিসূচনাখনৰ জৰিয়তে খিলঞ্জীয়া অসমীয়া মুছলমানৰ পাঁচটা উপ-গোট ক্ৰমে চৈয়দ, গৰিয়া, মৰিয়া, দেশী আৰু জলহাক স্বীকৃতি দিবলৈ সাংস্কৃতিক পৰিচয় বিষয়ক উপ-সমিতিয়ে চৰকাৰক আহ্বান জনাইছিল ।
উল্লেখ্য যে, ২০২১ চনত সংখ্যালঘুৰ কল্যাণ আৰু উন্নয়ন বিভাগে গঠন কৰা উপ-সমিতিসমূহে শ শ বছৰ ধৰি অসমত বাস কৰি অহা খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায়ৰ সাংস্কৃতিক পৰিচয়, শিক্ষা, জনসংখ্যা নিয়ন্ত্ৰণ, স্বাস্থ্যসেৱা, বিত্তীয় অন্তৰ্ভুক্তি, দক্ষতা বিকাশ আৰু মহিলা সৱলীকৰণ সন্দৰ্ভত বিস্তৃতভাৱে অধ্যয়ন কৰিছিল । তাৰ পাছত ৭ খন উপ সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছিল ।
সেই প্ৰতিবেদনৰ পৰামৰ্শৰ ভিত্তিত ৰাজ্যিক কেবিনেটে পাঁচটা উপ-গোটক স্বীকৃতি প্ৰদান কৰে । এই পাঁচটা উপ-গোটক প্ৰদান কৰা স্বীকৃতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে ।