অসম

assam

ETV Bharat / city

কোনো সমস্যাৰ সন্মুখীন হোৱা নাই ৰাজ্যিক চিৰিয়াখানাঃ তেজছ মাৰীস্বামী - গুৱাহাটী

চলিত বৰ্ষৰ জুন মাহৰ শেষৰ ফালে অসম ৰাজ্যিক চিৰিয়াখানা পুণৰ খোৱাৰ সম্ভাৱনা থকা বুলি জানিবলৈ দিলে বন বিষয়া তেজছ মাৰীস্বামীয়ে । অসমৰ লগতে কেন্দ্ৰীয় চিৰিয়াখানা প্ৰাধিকৰণ পৰা দিয়া পৰামৰ্শ মতে ৰাইজৰ বাবে চিৰিয়াখানা খুলি দিব বুলি সদৰি কৰে বন বিষয়া গৰাকীয়ে ৷ পৰ্যটক সকলে ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই নতুনকৈ জেব্ৰা আৰু নতুন অষ্ট্ৰিক পক্ষী দেখিবলৈ পাব চিৰিয়াখানাত ৷

Re open Assam State zoo In Guwahati  june last
কোনো সমস্যাৰ সন্মুখীন হোৱা নাই ৰাজ্যিক চিৰিয়াখানাঃ তেজছ মাৰীস্বামী

By

Published : Jun 7, 2020, 9:12 PM IST

গুৱাহাটী, 7জুনঃ গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানালৈ নতুনকৈ আনিব দুটা জেব্ৰাৰ লগতে এটা জিৰাফ ৷ চলিত বৰ্ষৰ জুন মাহৰ শেষৰ ফালে অসম ৰাজ্যিক চিৰিয়াখানা খোলাৰ সম্ভাৱনা আছে বুলি সাংবাদিকৰ আগত বন বিষয়া তেজছ মাৰীস্বামীয়ে সদৰি কৰে ৷

কোনো সমস্যাৰ সন্মুখীন হোৱা নাই ৰাজ্যিক চিৰিয়াখানাঃ তেজছ মাৰীস্বামী

ক'ৰণা ভাইৰাছৰ দুৰ্যোগৰ সময়তেই ৰাইজলৈ আহিল এটা ভাল খবৰ । চিৰিয়াখানালৈ আহিব নতুন জীৱ জন্তু । অসম ৰাজ্যিক চিৰিয়াখানাৰ বন বিষয়া তেজছ মাৰীস্বামীয়ে সাংবাদিকৰ আগত কেইবাটাও মন্তব্য কৰে ৷ তেঁও কয় যে পঞ্চম পৰ্যায়ৰ লক ডাউন খোলাৰ পিছতে চিৰিয়াখানা খোলা নোখোলাৰ সন্দৰ্ভত সিদ্ধান্ত ল'ব কেন্দ্ৰীয় চৰকাৰে। ভাৰতবৰ্ষৰ কোনো স্থানত মুকলি কৰি দিয়া নাই চিৰিয়াখানা ৷ গতিকে দৰ্শকৰ বাবে মুকলি কৰিবলৈ সময় লাগিব । আনহাতে, তেওঁ জানিবলৈ দিয়ে যে লক ডাউন সময়ছোৱাত জীৱ জন্তুৰ খাদ্যৰ পৰা আৰম্ভ কৰি অৰ্থনীতিৰ দিশত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা নাই চিৰিয়াখানাৰ কৰ্তৃপক্ষ। লগতে খাদ্যৰ ক্ষেত্ৰতো কোনো নাটনি অথবা কোনো সমস্যা সন্মুখীন হোৱা নাই অসম ৰাজ্যিক চিৰিয়াখানা। কিন্তু চিৰিয়াখানা যিহেতু বন্ধ আছিল গতিকে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত সম্পূৰ্ণ শূন্য বিভাগটো।

বৰ্তমানলৈ কেন্দ্ৰীয় চৰকাৰে চিৰিয়াখানা সমুহ পুনৰ খুলি দিয়াৰ অনুমতি প্ৰদান নকৰিলেও জুন মাহৰ শেষৰ ফালে সম্ভাৱনা থকা বুলি জানিবলৈ দিলে বন বিষয়া গৰাকীয়ে। অসম লগতে কেন্দ্ৰীয় চিৰিয়াখানা প্ৰাধিকৰণ পৰা দিয়া পৰামৰ্শ লৈ ৰাইজৰ বাবে চিৰিয়াখানা খুলি দিয়াৰ লগতে খোলাৰ পিছতে জানুৱাৰী-ফেব্ৰুৱাৰীত নতুন নতুন জীৱ-জন্তু পৰ্য্যটক সকলে প্ৰত্যক্ষ কৰিব পাৰিব ।

লগতে পঢ়ক- মহানগৰীত পিঞ্জৰাৱদ্ধ নাহৰফুটুকীৰ মৃত্যু

ABOUT THE AUTHOR

...view details