গুৱাহাটী, 26 অক্টোবৰঃএইবাৰ ৰত্নাকৰ উপভোগ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ নিজৰ পকেটৰ পইচাৰে মুখ্যমন্ত্ৰী সোণোৱালে সতীথ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ বিজয়া চক্ৰৱৰ্তী, সুমন হৰিপ্ৰিয়া আৰু বিধায়িকা আঙুৰলতা ডেকাৰ লগত একেলগে উপভোগ কৰে বহু প্ৰত্যাশিত অসমীয়া ছবি ৰত্নাকৰ ৷ যতীন বৰা পৰিচালিত তথা অভিনিত ছবি ৰত্নাকৰ চাবলৈ ভিৰ কৰিছে এজনৰ পিছত আনজন ৰাজনেতা ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সংবাদমাধ্যমক জনায় যে কাঞ্চনজঙ্ঘা, বুলবুল কেন চিং, আৰু ৰত্নাকৰ ছবিয়ে অসমীয়া ছবিৰ দিন ঘূৰাই আনিছে । এতিয়া ৰত্নাকৰ ছবিৰ এই সফলতাৰ পিছত এতিয়া অসমীয়া ছবি নিৰ্মাতা সকললৈ আহিছে সোণালী দিন । অনাগত দিনত এতিয়া দেখিবলৈ পোৱা যাব আহিব লগা নতুন অসমীয়া ছবিক কেনেদৰে আদৰি লব অসমৰ দৰ্শকে ৷
ৰত্নাকৰ উপভোগ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - সুমন হৰিপ্ৰিয়া
এইবাৰ ৰত্নাকৰ উপভোগ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
ৰত্নাকৰ উপভোগ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ