গুৱাহাটী, 13 অক্টোবৰ : মহানগৰীত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা । ধর্ষণৰ বলি হৈছে এগৰাকী 13 বছৰীয়া কিশোৰী । ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ধর্ষণৰ অভিযোগত অভিযুক্ত গীতানগৰ থানা এলেকাৰ ভাস্কৰ নগৰৰ বি পি চলিহা নগৰৰ বাবুন শৰ্মা ।
মহানগৰীত কিশোৰী ধৰ্ষণ : আৰক্ষীৰ জালত অভিযুক্ত
মহানগৰীত ধৰ্ষণৰ বলি এগৰাকী 13 বছৰীয়া কিশোৰী ৷ ঘটনা সম্পৰ্কত এজনক আটক আৰক্ষীৰ ৷
গীতানগৰ আৰক্ষী থানা
ভুক্তভোগী কিশোৰী গৰাকীয়ে ঘটনা সন্দৰ্ভত নিজ মাতৃক অৱগত কৰাৰ পাচতে মাতৃয়ে গীতানগৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 316/20 নং থানাত এটা গোচৰ ৰুজু কৰি U/S.- 376(f) ভাৰতীয় দণ্ডাবিধি আইনৰ R.W. Sec 5(n) 376(f) POCSO Act ৰ অধীনত গ্ৰেপ্তাৰ কৰে অভিযুক্তক ৷
লগতে পঢ়ক :প্ৰসংগ: আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰি