অসম

assam

ETV Bharat / city

১৮২৫ দিনত বলাৎকাৰৰ বলি ১৮,৬৯৩ গৰাকী শিশু কন্যা আৰু যুৱতী - ১৮২৫ দিনত বলাৎকাৰৰ বলি ১৮,৬৯৩ গৰাকী শিশু কন্যা আৰু যুৱতী

২০১৬ চনৰ পৰা চলিত বর্ষৰ ৩১ জুলাইলৈকে শিশু কন্যাক ধর্ষণ কৰা ঘটনা সন্দর্ভত ৭,৬০৭ টা গোচৰ ৰুজু হৈছে । ইয়াৰে মুঠ ৫,৯২৩ টা গোচৰ আৰু ৬,২৪৯ জন অপৰাধীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে । আনহাতে, মহিলা তথা যুৱতী ধর্ষণৰ ঘটনা সংক্ৰান্তত ১১,০৮৬ টা গোচৰ ৰুজু হৈছে । ইয়াৰে মুঠ ৮,০২০টা গোচৰৰ অভিযোগনামা ৯,১৯৮ জন অপৰাধীৰ বিৰুদ্ধে দাখিল কৰা হৈছে ।

rape case in assam story
ধোঁৱা চাঙত বেটী বচাও বেটি পঢ়াও

By

Published : Aug 19, 2021, 11:57 AM IST

গুৱাহাটী,19 আগষ্ট: বিজেপি চৰকাৰৰ অন্যতম এটা শ্ল'গান হৈছে -'বেটী বচাও বেটি পঢ়াও' । কিন্তু এই শ্ল'গানৰ বিপৰীতে অসমত বিগত ৫ বছৰত ধর্ষণৰ বলি হৈছে ১৮,৬৯৩ গৰাকী শিশু কন্যা আৰু যুৱতী । দিন হিচাপত ১৮২৫ দিনত ১৮,৬৯৩ গৰাকী শিশু কন্যা আৰু যুৱতী বলাৎকাৰৰ সন্মুখীন হৈছে । অর্থাৎ অসমত গড়ে বছৰি ৩,৭৩৮ টা আৰু দৈনিক ১০ টা শিশু কন্যা আৰু যুৱতী ধর্ষণৰ ঘটনা সংঘটিত হয় । এই তথ্য সদ্য সমাপ্ত বিধানসভাৰ অধিবেশনৰ । গৃহ বিভাগে সদনত দিয়া এই তথ্যই ৰাজ্যখনত যে নাৰী সমাজ সুৰক্ষিত নহয়, সেই কথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে ।

তথ্য অনুসৰি, ২০১৬ চনৰ পৰা চলিত বর্ষৰ ৩১ জুলাইলৈকে শিশু কন্যাক ধর্ষণ কৰা ঘটনা সন্দর্ভত ৭,৬০৭টা গোচৰ ৰুজু হৈছে । ইয়াৰে মুঠ ৫,৯২৩ টা গোচৰ আৰু ৬,২৪৯ জন অপৰাধীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে । আনহাতে, মহিলা তথা যুৱতী ধর্ষণৰ ঘটনা সংক্ৰান্তত ১১,০৮৬ টা গোচৰ ৰুজু হৈছে । ইয়াৰে মুঠ ৮,০২০টা গোচৰৰ অভিযোগনামা ৯,১৯৮ জন অপৰাধীৰ বিৰুদ্ধে দাখিল কৰা হৈছে ।

শিশু কন্যাৰ বিৰুদ্ধে সৰ্বাধিক গোচৰ ৰুজু ২০১৮-২০১৯ চনত

শিশু কন্যাৰ বিৰুদ্ধে সৰ্বাধিক গোচৰ ৰুজু হৈছে ২০১৮-২০১৯ চনত । ২০১৮ চনত ১,৭২১টা আৰু ২০১৯ চনত ১,৭৭৯ টা গোচৰ ৰুজু হৈছে । উদ্বেগৰ বিষয় যে, নাৰীজনিত অপৰাধত অসমে এন চি আৰ বিৰ তথ্য অনুসৰি বিগত পাঁচ বছৰে ২০১৬ চনৰ পৰা ২০১৯ চনলৈ দেশৰ ভিতৰতে ৬ নং স্থান দখল কৰি আহিছে ।

লগতে পঢ়ক:তৃণমূলত সুস্মিতাৰ যোগদানে খহাইছে বৰাকত কংগ্ৰেছৰ ভেঁটি

লক্ষণীয় বিষয় যে, ৰাজ্যত ধর্ষণৰ ঘটনা ভয়ংকৰভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন আৰক্ষী থানাতে একোখন মহিলা কোষ গঠনৰ কথাৰ ব্যৱস্থা কৰা হৈছে । তথ্য অনুসৰি, অসমৰ ২০০ খন আৰক্ষী থানাত মহিলা হেল্প ডেস্ক গঠনৰ কাম চলি আছে । আনহাতে, চি আই ডিৰ বিশেষ আৰক্ষী অধীক্ষকৰ অধীনত ৰাজ্যিক পর্যায়ত ক্ৰাইম এগেইনষ্ট উইমেন চেল এটা চি আই ডিক প্ৰদান কৰা হৈছে । যাতে এনেধৰণৰ জঘন্য অপৰাধবোৰ তদাৰক কৰিব পৰা যায় ।

১৮২৫ দিনত ১৮,৬৯৩ বলাৎকাৰৰ ঘটনা

লগতে পঢ়ক:তালিবানে বন্ধ কৰিলে ভাৰতৰ সৈতে সামগ্ৰীৰ আমদানি-ৰপ্তানি

২০১৬ চনৰ পৰা বিগত ৫ বছৰত প্ৰতিদিনে গড়ে প্ৰায় ১০টাকৈ ধর্ষণৰ গোচৰ ৰুজু হোৱাৰ সময়তে একাংশ চৰকাৰী বিষয়াৰ বিৰুদ্ধেও এনে গোচৰ ৰুজু হৈছে । তথ্য অনুসৰি, মহিলাৰ শালীনতা হানি কৰা মুঠ ১৬জন চৰকাৰী কর্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে । খোদ গুৱাহাটী মহানগৰীতে ২০১৬ চনৰ পৰা ২০১৯ চনলৈ গৃহৰক্ষী জোৱান, আৰক্ষী বিষয়া, উপ-পৰিদর্শক আৰু কনিষ্টবলসহ ১০জন আৰক্ষীৰ বিৰুদ্ধে মহিলাৰ শালীনতা হানি কৰাৰ গোচৰ ৰুজু হৈছে ।

ধোঁৱা চাঙত বেটী বচাও বেটি পঢ়াও

একেদৰে, ২০২০ চনত এজন আই পি এছ বিষয়াৰ বিৰুদ্ধেও শালীনতা হানিৰ গোচৰ ৰুজু হৈছে । অত্যন্ত চিন্তনীয় বিষয় যে বিগত পাঁচ বছৰত মহিলা আৰু কিশোৰীৰ ওপৰত অত্যাচাৰ চলোৱা ৬৫,৮৪৫ টা গোচৰ ৰুজু হৈছে । এই গোচৰৰ বিপৰীতে ৩৮,৪১২ খন অভিযোগনামা দাখিল কৰা হৈছে । গৃহ বিভাগৰ তথ্য অনুসৰি মহিলা তথা যুৱতীৰ বাবে হোৱা অপৰাধ ৰোধ কৰাৰ বাবে মহিলা কোষ গঠনৰ জৰিয়তে ১৮১ হেল্প লাইন নম্বৰ মুকলি কৰা হৈছে ।

লগতে পঢ়ক:'কা' আন্দোলনে নষ্ট কৰিলে অসমৰ এটা বছৰ : মন্ত্ৰী বিমল বৰা

ABOUT THE AUTHOR

...view details