অসম

assam

By

Published : Apr 23, 2021, 2:27 PM IST

ETV Bharat / city

মহকুমা প্ৰশাসনৰ উদ্যোগত চেনিটাইজ কৰা হ'ল ৰঙিয়া চহৰ

কামৰূপ জিলাত ভয়ানকভাৱে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ কৰ'ণাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়া নগৰ চেনিটাইজ কৰিলে মহকুমা প্ৰশাসনে ৷

ৰঙিয়া চহৰ ছেনিটাইজ মহকুমা প্ৰশাসনৰ
ৰঙিয়া চহৰ ছেনিটাইজ মহকুমা প্ৰশাসনৰ

ৰঙিয়া, 23 মাৰ্চ : ক’ভিড-19 ৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ দিনে দিনে ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ গৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰঙিয়া নগৰ চেনিটাইজ কৰিলে মহকুমা প্ৰশাসনে ৷ শুকুৰবাৰৰ পৰা ৰঙিয়া নগৰ চেনিটাইজ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি মহকুমা প্ৰশাসনৰ লোকসকল কৰ'ণা বিৰোধী যুঁজত নামি পৰে ৷ উল্লেখ্য যে, বিগত কেইবাদিনো ধৰি ৰঙিয়াত দ্ৰুতগতিত বৃদ্ধি পাইছে কভিড-19 ত আক্ৰান্তৰ সংখ্যা ।

ৰঙিয়া চহৰ ছেনিটাইজ মহকুমা প্ৰশাসনৰ

আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হোৱাত শংকিত হৈ পৰিছে ৰঙিয়াৰ সচেতন মহল । সেয়েহে, ৰঙিয়াৰ মহকুমা প্ৰশাসনে ৰঙিয়া পৌৰসভাৰ সহযোগত ৰঙিয়া নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান, বিদ্যালয়, মহাবিদ্যালয় তথা চৰকাৰী কাৰ্যালয় সমূহ চেনিটাইজ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাত সচেতন মহলে সন্তোষ প্ৰকাশ কৰে ৷

লগতে পঢ়ক :কলগাছিয়াত পৰীক্ষা বাতিলৰ দাবীত আন্দোলন

ABOUT THE AUTHOR

...view details