অসম

assam

ETV Bharat / city

আন্তঃজিলা যাতায়াতক কেন্দ্ৰ কৰি তৎপৰ ৰঙিয়া প্ৰশাসন

শুকুৰবাৰে বন্ধ কৰি দিয়া হৈছে ৰাজ্যৰ আন্তঃজিলা যাতায়াত ৷ তৎপৰ হৈ পৰিছে ৰঙিয়াৰ আৰক্ষী বিভাগ ৷ যান-বাহন নিয়ন্ত্ৰণ কৰাৰ বাবে গঢ়ি তোলা হৈছে বেৰিকেড ৷ তন্ন-তন্নকৈ পৰীক্ষা কৰা হৈছে যান-বাহনৰ নথিপত্ৰ ৷

আন্তঃজিলা যাতায়ত : তৎপৰ ৰঙিয়া আৰক্ষী
আন্তঃজিলা যাতায়ত : তৎপৰ ৰঙিয়া আৰক্ষী

By

Published : May 21, 2021, 9:28 PM IST

ৰঙিয়া,21 মে': 21 মে' অৰ্থাৎ শুকুৰবাৰৰ পৰা সমগ্ৰ অসমতে বন্ধ হৈ পৰিছে আন্তঃজিলা যাতায়াত ৷ অইন জিলাৰ দৰে ৰঙিয়া আৰক্ষী আৰু প্ৰশাসনৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক তৎপৰতা ৷ ৰঙিয়াৰ বিভিন্ন ঠাইত যান-বাহন নিয়ন্ত্ৰণ কৰিবলৈ গঢ়ি তোলা হৈছে বেৰিকেড ৷

ৰঙিয়া আৰক্ষীয়ে তন্ন-তন্নকৈ পৰীক্ষা কৰিছে যান-বাহনৰ সকলো নথিপত্ৰ ৷ উল্লেখ্য যে, ৰঙিয়াত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত ৰঙিয়াৰ প্ৰশাসনে ব্যাপক তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৷

আন্তঃজিলা যাতায়াতক কেন্দ্ৰ কৰি তৎপৰ ৰঙিয়া প্ৰশাসন

ৰঙিয়াত এতিয়ালৈকে 761 গৰাকীকৈ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে 12 গৰাকীকৈ কৰ’ণাত আক্ৰান্ত লোকৰ মৃত্যু হৈছে ৷ লক্ষণীয় বিষয় যে, ৰঙিয়া মহকুমাৰ অন্তৰ্গত প্ৰতিষেধক কেন্দ্ৰসমূহত প্ৰতিষেধকৰ নাটনিৰ বাবে অনলাইন আৰু অফলাইনত নাম পঞ্জীয়ন কৰা লোকসকলে উভতি যাবলগা হৈছে ৷

লগতে পঢ়ক :ক’ভিড পৰিস্থিতি সন্দৰ্ভত কি স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে?

ABOUT THE AUTHOR

...view details