ৰঙিয়া, 30 এপ্ৰিল : ক’ভিড-19 মহামাৰীৰ মাজতে অসমত ২ মে'ত হ’ব বহু প্ৰত্যাশিত বিধানসভা নিৰ্বাচনৰ ভোটগণনা । ৰাজ্যৰ আন আন বিধানসভা সমষ্টিৰ দৰে ৫৭ নং ৰঙিয়া আৰু ৫৬ নং কমলপুৰ সমষ্টিৰ ভোটগণনাৰ বাবে প্ৰস্তুত হৈছে ৰঙিয়া মহকুমা প্ৰশাসন । ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে জাৰি কৰা এছ অ পিৰ মতে ভোটগণনা অনুষ্ঠিত কৰা হ’ব ।
জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতি স্বপ্নীল পালে জানিবলৈ দিয়া মতে, ভোটগণনাৰ লগত জড়িত সকলো ব্যক্তিয়ে ক’ভিড পৰীক্ষা কৰিব লাগিব । ক’ভিড পৰীক্ষা নকৰাকৈ ভোটগণনা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব । লগতে মাস্ক, ফেচ চিল্ড আৰু ছেনিটাইজাৰ লগোৱাটো বাধ্যতামূলক বুলি মহকুমাধিপতি গৰাকীয়ে জানিবলৈ দিয়ে ৷ প্ৰশাসনৰ ফালৰ পৰা প্ৰয়োজন সাপেক্ষে পি পি ই কিট পৰ্যন্ত যোগান ধৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে ৷