গুৱাহাটী, ১৬ ছেপ্টেম্বৰ: গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই (Congress meeting in Guwahati) । উল্লেখ্য যে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ, মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিং, সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, সম্পাদক বিকাশ উপাধ্যায় আৰু পৃথ্বীৰাজ প্ৰভাকৰ সাথে গুৱাহাটীত উপস্থিত হৈছে (AICC leader in Assam) ।
ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে সভা । দলক বিশ্বাসঘাটকতা কৰা সকলক চিনাক্ত কৰাৰ প্ৰসংগতো চলিছে আলোচনা । বিশেষকৈ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ কেইবাজনো নেতাই কৰিছিল বিশ্বাসঘাটকতা । সেইসকল গাড্ডাৰক চিনাক্ত কৰাৰ বাবে আহিছে দলৰ শীৰ্ষ নেতৃত্ব । কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ এই আগমনকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ সাংসদ পবিত্র মাৰ্ঘেৰিটাই কয় যে, গাড্ডাৰে গাড্ডাৰ বিচাৰি আহিছে । তেওঁ কংগ্ৰেছৰ এই কাৰ্যক এখন খুহুতীয়া নাটক আখ্যা দিয়ে (Pabitra Margherita takes a gibe to congress)।
লগতে পঢ়ক:হঠাৎ বৃদ্ধি বিদ্যুতৰ মাচুল, গুৱাহাটীত আম আদমী পাৰ্টিৰ প্ৰতিবাদ