গুৱাহাটী, ৯ অক্টোবৰ :ৰাজকন্যা বৰুৱা সংক্ৰান্তীয় গোচৰত দহ ঘণ্টীয়া জেৰাৰ অন্তত শুকুৰবাৰে নিশা স্বাস্থ্য পৰীক্ষা কৰাই ঘৰলৈ যাব দিয়া হৈছিল ডাঃ নভনীল বৰুৱাক ৷ জ্যেষ্ঠ চিকিৎসক গৰাকী শনিবাৰে পুনৰ হাজিৰ হৈছে দিছপুৰ থানাত । উল্লেখ্য যে, ১ অক্টোবৰৰ নিশা ১.৩০ বজাত আঠজনকৈ শ্ৰমিকক সুৰামত্ত হৈ বাহনেৰে মহতীয়াই নিয়া বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে ডাঃ নভনীল বৰুৱাৰ বিৰুদ্ধে ।
শুকুৰবাৰে দিছপুৰ থানা চৌহদত সংবাদ মাধ্যমৰ আগত তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ খণ্ডন কৰি ৰাজকন্যা বৰুৱাক চিনি নাপাও বুলি মন্তব্য কৰিছিল ডাঃ বৰুৱাই । কিন্তু তেওঁ ৰাজকন্যা বৰুৱাক যে ভালদৰে চিনি পায় সেই কথা সামাজিক মাধ্যমত প্ৰকাশ পোৱা বহু তথ্যই ইতিমধ্যে স্পষ্ট কৰিছে । আৰক্ষীৰ জেৰাত ডাঃ নভনীল বৰুৱাই বাধ্যত পৰি ৰাজকন্যা বৰুৱাক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কথা স্বীকাৰ কৰিছে । ৰাজকন্যা বৰুৱাই চিকিৎসালয়ত ভৰ্তি নকৰিলে আত্মহত্যা কৰাৰ ভাবুকিৰে মেছেজ দিয়া বুলি ডাঃ নভনীল বৰুৱাই জেৰাত উল্লেখ কৰিছে ।