অসম

assam

ETV Bharat / city

12 ছেপ্তেম্বৰৰ পৰা উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই চলাব 12 খন যাত্ৰীবাহী ৰে’ল - যাত্ৰীবাহী ৰে’ল সেৱা

অহা 12 ছেপ্তেম্বৰৰ পৰা উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ পৰা চলিব মুঠ 12 খন যাত্ৰীবাহী ৰে’ল ৷ ডিব্ৰুগড়ৰৰ পৰা অমৃতসৰ লৈ যাত্ৰীবাহী ৰে’ল (সাপ্তাহিক),ঠিক তেনেকৈ সপ্তাহত তিনিদিন অমৃতসৰৰ পৰা ডিব্ৰুগড়লৈ ৷ আনহাতে গুৱাহাটী-বাংগালুৰু লৈ (সপ্তাহত তিনি দিন),ডিব্ৰুগড়ৰ পৰা লালগঁড় লৈ (প্ৰতিদিনে) আৰু আগৰতলাৰ পৰা দেওঘৰ লৈ সাপ্তাহিকভাৱে চলাচল কৰিব যাত্ৰীবাহী ৰে’ল সেৱা ৷

Railways to run 80 special trains from Sept 12
12 ছেপ্তেম্বৰৰ পৰা উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই চলাব 12 খন যাত্ৰীবাহী ৰে’ল

By

Published : Sep 10, 2020, 10:58 PM IST

গুৱাহাটী, 10 ছেপ্তেম্বৰ :ৰে’ল যাত্ৰীৰ বাবে সুঃখবৰ । অহা 12 ছেপ্তেম্বৰৰ ভাৰতবৰ্ষত আৰম্ভ হ’ব নতুনকৈ 80 খন বিশেষ ৰে’লৰ চলাচল ৷ ইয়াৰে ৰাজ্যৰ পৰা আৰম্ভ হ'বচাৰিখন দূৰণীবটীয়া যাত্ৰীবাহী ৰে’ল সেৱা । কৰ’ণা মহামাৰীৰ বাবে মাৰ্চ মাহৰ পৰাই দেশৰ লগতে ৰাজ্যত বন্ধ হৈ আছিল যাত্ৰীবাহী ৰে’ল সেৱা ।

12 ছেপ্তেম্বৰৰ পৰা উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই চলাব 12 খন যাত্ৰীবাহী ৰে’ল

দ্বিতীয় পৰ্যায়ৰ লক্ ডাউনৰ পাচৰে পৰাই গুৱাহাটীৰ পৰা দিল্লীলৈচলাচল কৰি আছেৰাজধানী এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল আৰু গুৱাহাটীৰ পৰা মুম্বাইলৈচলি আছেলোকমান্য তিলক । ঠিক তেনেকৈ এই তিনিখন ৰে’ল দিল্লী আৰু মুম্বাইৰ পৰা গুৱাহাটী হৈ ডিব্ৰুগড়লৈচলাচল কৰিব । বৰ্তমানে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ পৰা মুঠ আঠখন যাত্ৰীবাহী ৰে’লৰ চলাচল অব্যাহত আছে ।

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়ানৃপেন ভট্টাচাৰ্যই জানিব দিয়া মতে, অহা 12 ছেপ্তেম্বৰৰ পৰা ডিব্ৰুগড়ৰৰ পৰা অমৃতসৰলৈ(সাপ্তাহিক), ঠিক তেনেকৈ সপ্তাহত তিনিদিন অমৃতসৰৰ পৰা ডিব্ৰুগড়লৈ চলাচল কৰিব যাত্ৰীবাহী ৰে’ল ৷ লগতেগুৱাহাটী-বাংগালুৰুলৈ (সপ্তাহত তিনি দিন), ডিব্ৰুগড়-লালগঁড় (ৰাজস্থান) লৈপ্ৰতিদিনে আৰু আগৰতলাৰ পৰা দেওঘৰলৈ (সাপ্তাহিক) যাত্ৰীবাহী ৰে’ল চলাচল কৰিব । অহা 12 ছেপ্তেম্বৰৰ পৰা উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ পৰা মুঠ 12 খন যাত্ৰীবাহী ৰে’লৰ চলাচল কৰিব বুলি জানিবলৈ দিয়ে ভট্টাচাৰ্যই ৷

আনহাতে ভাৰতবৰ্ষত নতুনকৈ মুঠ 80 খন বিশেষ ৰে’ল চলাচল কৰিব ৷ ইয়াৰ লগে-লগে ভাৰতত মুঠ 310 খন যাত্ৰীবাহী দূৰণীবটীয়া ৰে’ল চলাচল কৰিব অহা 12 ছেপ্তেম্বৰৰ পৰা । ইতিমধ্যে এই ৰে’লসমূহৰ টিকট বৃহস্পতিবাৰৰ যাত্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ।

অৱশ্যে,ৰাজ্যৰ স্থানীয় যাত্ৰীবাহী ৰে’ল চলাচলৰ বিষয়ে চৰকাৰ তথা ৰে’ল মন্ত্ৰণালয়ৰ পৰা কোনো নিৰ্দেশ লাভ কৰা নাই বুলি উল্লেখ কৰে । অনাগত দিনত চৰকাৰ তথা তথা ৰে’ল মন্ত্ৰণালয়ৰ পৰা নিৰ্দেশ পালেই স্থানীয় যাত্ৰীবাহী ৰে’ল চলাচলৰ আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷

লগতে চাওক-লুইতত সাঁতোৰ মাৰিবলৈ আহি আছে ৰ'পেক্স

For All Latest Updates

ABOUT THE AUTHOR

...view details