ৰঙিয়া , 15 মে' :ৰঙিয়া জংচনত ৰেলযাত্ৰীক কৰ্তব্যৰত আৰক্ষীৰ এজন জোৱানে প্ৰহাৰ কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। এজন আৰক্ষীৰ জোৱানৰ লাঠি চালনাত এজন যাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ লগতে কেইবাজনো যাত্ৰী আহত হয় ৷ জানিব পৰা মতে, শনিবাৰে পুৱাৰ ভাগত বাংগালুৰু, দিল্লী, কলকাতা আদি বহিঃৰাজ্যৰ পৰা অহা চাৰিখন যাত্ৰীবাহী ৰেল ৰঙিয়া জংচনত উপস্থিত হয় ।
ৰেলকেইখনৰ পৰা অধিক যাত্ৰী নমাৰ ফলত হঠাৎ জংচনটোত ভীৰৰ সৃষ্টি হয় ৷ উল্লেখ্য যে, বৰ্তমান ক’ভিড প্ৰট'কল অনুসৰি বহিঃৰাজ্যৰ পৰা অহা প্ৰত্যেক গৰাকী যাত্ৰীয়ে ক’ভিড টেষ্ট কৰাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে । কিন্তু ষ্টেচন চৌহদত থকা ক’ভিড পৰীক্ষা কেন্দ্ৰটোত অতি লেহেম গতিত ক’ভিড পৰীক্ষা হৈ থকাৰ ফলত ৰেলযাত্ৰী সকল অতিষ্ঠ হৈ পৰে । এই লৈ প্ৰতিবাদ কৰাত কৰ্তব্যৰত চতুৰ্থ এপিবিএনৰ কৰ্তব্যৰত এজন উদণ্ড জোৱানে প্ৰতিবাদী যাত্ৰীৰ ওপৰত জধে-মধে লাঠিচালনা কৰে । যাৰ ফলত কেইবাগৰাকীও যাত্ৰী আহত হয় ।